
newsnextone.com | কাকপথাৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজনিত দুদিনীয়া ভ্ৰমণ সূচী সামৰাৰ পিছতে এইবাৰ উজনিত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে বিজেপিৰ বিভিন্ন সমিতিয়ে৷ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হোৱাৰ উদ্দেশ্যে বিজেপিৰ যুৱ মৰ্চাৰ শদিয়া জিলা সমিতিয়ে সোমবাৰে কাকপথাৰ অাঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে এখন সভা।
শদিয়া জিলা যুৱ মৰ্চাৰ সভাপতি তীৰ্থৰাজ নেওঁগৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজ্যিক সভাপতি অনুপ বৰ্মন, উপ-সভাপতি ময়ুৰ বুঢ়াগোহাঁই, সাধাৰণ সম্পাদক অৰুণজ্যোতি হাজৰিকা, বিভিন্ন জিলাৰ বহুকেইজন যুৱ নেতাই অংশগ্ৰহণ কৰে। সভাত অাগন্তুক পঞ্চায়ত অাৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ লগতে গ্ৰাম্য অঞ্চলত চৰকাৰৰ আঁচনি সমূহ ৰূপায়নত গুৰুত্ব প্ৰদান কৰাৰ কথাই স্থান লাভ কৰে৷
সভাই গ্ৰাম্য অঞ্চলৰ নিবনুৱা যুৱকক বিনামূলীয়াকৈ ৰাজ মিস্ত্ৰী অাৰু কাঠ মিস্ত্ৰীৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰিও হাইস্কুল পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেৰিয়াৰ কাউন্সিলিংৰ ব্যৱস্থা কৰাৰো সিদ্ধান্ত লয়। সভাৰ অন্তত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে কাকপথাৰ অঞ্চলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ সমাজকৰ্মীৰ পৰা বিজেপি চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ সফলতা-বিফলতাৰ লগতে দিহা পৰামৰ্শ বিচাৰে।
প্ৰাক্তন বিডিঅ’ তথা সমাজকৰ্মী ৰত্নেশ্বৰ দত্তই বিজেপি চৰকাৰৰ কামকাজৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰিলেও সম্প্ৰতি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা বিষয়টোত চৰকাৰখনে সৰ্বসাধাৰণ ৰাইজৰ সমৰ্থন হেৰুৱাব বুলিও মন্তব্য প্ৰকাশ কৰে। এই ক্ষেত্ৰত জাতি মাটি ভেটি ৰক্ষাৰ শ্ল’গান দিয়া চৰকাৰখনে জনবিৰোধী অাইনখন সম্পৰ্কত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈও ৰত্নেশ্বৰ দত্তই অাহ্বান জনায়।
ইয়াৰ পিছতে অঞ্চলটোৰ আন এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ননীগোপাল দেৰ সৈতেও ৰাজ্যিক সভাপতিয়ে চৰকাৰখনৰ বিভিন্ন অাঁচনি তথা সমস্যা সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰে। ৰাজ্যিক সভাপতিগৰাকীয়ে শ্ৰীশ্ৰী মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ ফণী মহন্ত অাৰু কপাহতলী সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰৰ স্বগৃহত উপস্থিত হয়। ৰাজ্যিক সভাপতিৰ সৈতে বিজেপিৰ শদিয়া জিলাৰ সভাপতি ললিত মৰাণ, বিজেপি কৰ্মী সীমান্ত মৰাণ, দিব্যজোতি বৰা, সুৰজিত মৰাণকে অাদি কৰি বহু কেইগৰাকী নেতা-কৰ্মীয়ে সংগ দিয়ে।