
newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰবা সত্ৰ সমবায় সমিতি বিগত প্ৰায় ১৮টা বছৰে কংগ্ৰেছৰ দখল আছে। কংগ্ৰেছৰ দখনত থকা বটদ্ৰবা সত্ৰ সমবায় সমিতিত দীৰ্ঘদিন ধৰি চাউল, অাটা আদি বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। পূৰ্বে বিভিন্ন সময়ত বাতৰিৰ শিৰোনামা দখল কৰি অহাৰ পিছত সমবায়ত সংঘটিত দুৰ্নীতী অনিয়মৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। তদন্ত প্ৰক্ৰিয়াই সোমবাৰে আন এক নতুন কেলেংকাৰী উদঘাটন কৰিবলৈ সক্ষম হয়।
ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনস্থ খাদ্য সুৰক্ষা আঁচনিৰ চাউল গ্ৰাহকক বিতৰণ কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে। বটদ্ৰবা সত্ৰ সমবায়ৰ অন্তৰ্গত কেইবা খনো সুলভ মূল্যৰ দোকানত এনে অনিয়ম সংঘটিত হোৱা বুলি অংশীদাৰী ৰাইজে এক লিখিত অভিযোগ দাখিল কৰাৰ পিছত ঘটনাই নতুন মোৰ লাভ কৰে। সোমবাৰে পুৱা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ তদন্তকাৰী বিষয়াৰ দল এটি বটদ্ৰবা গড়কাপ্তানি পৰিদৰ্শন বাংলাত উপস্থিত হৈ সুলভ মূল্যৰ দোকানীসকলক সোধ পোছ আৰম্ভ কৰে আৰু দোকানী সকলৰ সাক্ষ্য গ্ৰহণ কৰে।
উপস্থিত হোৱা তদন্তকাৰী দলে বটদ্ৰৱাৰ সত্ৰ সমবায় সমিতিৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই সকলো বোৰ নথি পত্ৰ আৰু তথ্য পৰীক্ষা কৰাৰ অন্তত প্ৰায় দুটা দশক জুৰি চলাই অহা একনায়কত্ব বাদ আৰু খাদ্য সুৰক্ষা আঁচনিৰ নামত আৱন্টিত চাউল লুণ্ঠনৰ বৃহৎ কেলেংকাৰীৰ অভিযোগত ৬ জনক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা সুলভ মূল্যৰ দোকানী কেইজন আহমেদ আলী, কোবাছ আলী, মহৰ উদ্দিন, আব্দুল ৰহমান, কাছেম আলী আৰু ছমছেৰ আলী। গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ বিৰুদ্ধে vps Case no 01/18-us-120(b)406/420/468/I PC R/W section 13 (c) PC Act.ৰ অধীনত গোচৰ ৰুজু কৰিছে।
প্ৰকাশ যে, বটদ্ৰবা সত্ৰ সমবায় সমিতি খন অবৈধ ভাৱে সমবায় আইনক ভেঙুচালি কৰি বিগত প্ৰায় ১৮টা বছৰ পৰিয়াল কেন্দ্ৰীক ভাৱে কংগ্ৰেছে দখল কৰি আছে। প্ৰকাশ থাকে যে বটদ্ৰবা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জনৈক আবেদিনৰ পৃষ্ঠ পোষকতাত ছোৰহাব উদ্দিন আৰু ছামচুল আলম (আবল)ৰ সভাপতিত্বৰ সময় ছোৱাত সমবায়ৰ সম্পাদকৰ দায়িত্বত থকা মোক্তাৰ হুছেইন আৰু বৰ্তমানৰ সম্পাদক আজিবুৰ ৰহমানে চাউল, অাটা বিতৰণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি, অনিয়ম লুন্ঠন চলাই আহিছে বুলি অভিযোগ উত্থাপল হৈ আহিছে।
এনে প্ৰেক্ষাপটত বটদ্ৰবা সত্ৰ সমবায়ত বিগত সময় ছোৱাত সংঘটিত দুৰ্নীতি অনিয়মৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই চলোৱা তদন্ত প্ৰক্ৰিয়াত সোমবাৰে ছয় জনক গ্ৰেপ্তাৰ কৰা ঘটনাক সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰে।