মৰিয়নীত বাংলাদেশৰ ৰুবেল, ইচ্ছা কৰিলেই অসমত সোমাব পাৰে বাংলাদেশৰ নাগৰিক

newsnextone.com | মৰিয়নীঃ বাংলাদেশী বিতাড়নৰ বিষয়টোৱে ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে৷ ১৯৭১ চনৰ পৰাই ৰাজ্য উত্তাল হৈ আছে অবৈধ বাংলাদেশী বিতাড়ণৰ দাবীত কেইবাটাও জাতীয় দল-সংগঠনে কেইবাটাও দশক ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ তাৰ মাজতে নিতৌ অসমক ধৰা পৰিব ধৰিছে বাংলাদেশৰ নাগৰিক৷ এইবাৰ উজনিৰ যোৰহাট জিলাত এজন বাংলাদেশী লোকক স্থানীয় ৰাইজে আবদ্ধ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহম্মদ ৰুবেল নামৰ সন্দেহজন বিদেশীজনক ইতিমধ্যে ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে৷  

জানিব পৰা মতে, সোমবাৰে নিশা যোৰহাট জিলাৰ মৰিয়নীৰ ভেলেউগুৰীত একাংশ লোকে এজন লোকক অনাই বনাই ঘুৰি থকা প্ৰত্যক্ষ কৰে৷ যুৱকজনক ঘুৰি ফুৰাত সন্দেহ উপজাত ৰাইজে আবদ্ধ কৰি সোধ-পোছ কৰে৷ ৰাইজে সোধপোছ কৰাত কিছুদিন পূৰ্বে বাংলাদেশৰ সীমান্ত পাৰ হৈ অহা বুলি স্বীকাৰ কৰে৷ ৰাইজে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াত মৰিয়নী আৰক্ষী উপস্থিত হৈ যুৱকজনক আটক কৰে৷ দেবেৰাপাৰা আৰক্ষী চকীত যুৱকজনক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

উল্লেখ্য যে বিদেশী বহিস্কাৰৰ বাবে অসম আন্দোলন কৰি অসমৰ বহু যুৱক আৰক্ষী-চিআৰপিএফৰ টাঙোন-বন্দুকৰ নলীৰ খুন্দাত চিৰ দিনৰ বাৰে ঘূণীয়া হৈছিল৷ বছৰ বছৰ ধৰি প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে বিদেশী বহিষ্কাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দি বাৰে বাৰে প্ৰৱঞ্চনা কৰি আহিছে৷ প্ৰতিটো ৰাজনৈতিক দলে অসমৰ ৰাইজক ৰামঠগন দি আহিছে৷ বিজেপিৰ দখলত থকা কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে নতুনকৈ বাংলাদেশৰ পৰা লাখ লাখ হিন্দু বাংলাদেশী আনি সংস্থাপন কৰিব বিচৰাত পুনৰ ৰাজ্যবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে৷