
newsnextone.com | তেজপুৰঃ এনআৰচিৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে সীমান্ত আৰক্ষীয়ে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ লোকক ডি-ভোটাৰ সজাই এনআৰচিৰ পৰা নাম কৰ্তন কৰাৰ লগতে অমানৱীয় অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। যাৰ ফলত মঙলবাৰে আমছুৱে সমগ্ৰ ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন জিলাৰ লগতে শোণিতপুৰ জিলাৰ তেজপুৰতো প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷
আমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰ আদালত চাৰিআলিত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি জিলা উপাযুক্তৰৰ জৰিয়তে ভাৰতৰ গৃহমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমছুৱে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমছুৰ নেতা-কৰ্মীয়ে অসম চৰকাৰ হায় হায়, বৰ্ডাৰ পুলিচ গ’বেক, বৰ্ডাৰ পুলিচৰ মইমতালি নচলিব, সৰ্বানন্দ সোণোৱাল গ’বেক, ডি-ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা বন্ধ কৰক, আমছু জিন্দাবাদ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
আমছুৱে অভিযোগ উত্থাপন কৰা মতে, সীমান্ত আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰাকৈ যধে-মধে প্ৰকৃত ভাৰতীয় নাগৰিকক জাননী জাৰি কৰি তদন্ত অবিহনে বহু মানুহক ডি-ভোটাৰ সজোৱাৰ বাবে চক্ৰান্ত কৰিছে৷ এনে ধৰণৰ হাৰাশাস্তি বন্ধ কৰাৰ দাবীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন জিলা সমিতিয়ে এই কাৰ্যসূচী পালন কৰে আমছুৱে৷