
newsnextone.com | নগাঁওঃ মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বৰ্ণজয়ী হিমাৰ দাসৰ বাসগৃহত উপস্থিত হয়৷ স্বৰ্ণজয়ী দৌৰৰ ৰাণী হিমা দাসৰ সফলতাৰ বাবে তেওঁৰ পিতৃ-মাতৃক অভিনন্দন জনোৱাৰ উদ্দেশ্যে হিমাৰ নগাঁৱৰ কান্ধুলীমাৰীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে হিমা দাসে বিচৰা ধৰণেই সকলো সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰি কয় যে অসম তথা দেশবাসীক অতিকে গৌৰাম্বিত কৰি তোলা এনে সফলতাৰ অন্তৰালত যিমান অনুপ্ৰেৰণা আৰু সহযোগিতা দেখুৱালে তাৰ বাবে পিতৃ-মাতৃ আৰু তেওঁৰ পৰিয়ালটোক কৃতজ্ঞতা জনাবলৈকে মই ইয়ালৈ আহিছো।
মুথ্যমন্ত্ৰীয়ে আৰু কয় যে অসমীয়া নাৰী কিমান শক্তিশালী, অসমীয়া নাৰীৰ কিমান দৃঢ়তা, সংকল্প, একাগ্ৰতা আৰু মনোবল থাকিব পাৰে তাক আজি হিমা দাসৰ সফলতাই প্ৰতিপন্ন কৰিছে৷ নাৰীয়ে কৰিব নোৱাৰা একো নাই৷ প্ৰৱল ইচ্ছা শক্তি, মনোবল আৰু দৃঢ়তা থাকিলে সকলো কামেই নাৰীয়ে হেলাৰঙে কৰিব পাৰে৷ সেই কথা হিমা দাসে বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰা সফলতাই পুনৰবাৰ প্ৰমাণিত কৰিলে৷ হিমাই সম্পূৰ্ণ একাগ্ৰতাৰে যিদৰে ইতিহাস ৰচনা কৰি স্বৰ্ণ আজুৰি আনিলে তাৰ বাবে আমি আজি সকলো গৌৰাম্বিত৷ এয়া এক মহিলাসবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন৷
সোণোৱালে আৰু কয় যে প্ৰকৃততে মহিলা সবলীকৰণক হিমাৰ এনে সফলতাই বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিলে হিমাই৷ বিচৰা দৰেই প্ৰথমে অনুশীলন কৰা খেলপথাৰখন আৰু যিটো পুথিভঁৰালত অধ্যয়ণ কৰিছিল সেইটো অত্যাধুনিকভাবে নতুন ৰূপত গঢ়ি তোলা হ’ব। তদুপৰি পুৱা-গধূলি যিটো নামঘৰত সেৱা কৰি ঈশ্বৰৰ শৰণাপন্ন হৈছিল সেই অনুষ্ঠানটো হিমাই বিচৰা ধৰণেই বিশেষভাবে উন্নতি সাধন কৰা হ’ব৷ মই ইতিমধ্যে উপায়ুক্তক এই সন্দৰ্ভত নিৰ্দেশ দিছোঁ৷ ইয়াৰ বাবে যিমান ব্যয় হ’ব সেয়া ৰাজ্য চৰকাৰ আগবঢ়াব। অসমৰ খেল জগতৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে আগন্তুক দিনবোৰত ৰাজ্যৰ খেল জগতৰ উন্নয়ণৰ হেতু দৌৰৰ ৰাণী গৰাকীক বিশেষ ভূমিকা গ্ৰহনৰ বাবেং আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ অসমখনক খেলৰ এক কেন্দ্ৰ বিন্দু হিচাপে ভাৰতবৰ্ষৰ বুকুত গঢ় দিয়াৰ আমাৰ লক্ষ্য আছে৷
সেই লক্ষ্য বাস্তৱায়িত কৰাৰ কাৰণে হিমা দাসে আগভাগ ল’ব লাগিব আৰু নৱ-প্ৰজন্মক ইয়াৰ বাবে খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব৷ বিশ্ব জয় কৰা খেলুৱৈগৰাকী যি দিনাই অসমত উপস্থিত হ’ব সেইদিনাই তেওঁক ৰাজ্যিক পৰ্যায়ত সম্বৰ্ধনা জনোৱাৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী সোণোৱালে লগতে চৰকাৰে নগদ ৫০ লাখ টকা আগবঢ়োৱাকে ধৰি ইতিমধ্যে হিমা দাসৰ ক্ষেত্ৰত যিবোৰ ঘোষণা কৰা হৈছে সেই সকলোবোৰ শীঘ্ৰে কাৰ্যকৰী কৰা হ’ব প্ৰকাশ কৰে৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি হিমা দাসৰ জন্মভূমি কান্ধুলীমাৰীত মঙলবাৰে পুৱাৰে পৰা উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হোৱাৰ বিপৰীতে বাসগৃহত অগণন লোকৰ সমাগম হয়৷ উৎসুক জনতাই মুখ্যমন্ত্ৰীগৰাকীক এবাৰ প্ৰত্যক্ষ কৰাৰ বাবে হিমাৰ বাসগৃহৰ চৌহদত প্ৰচণ্ড ভিৰ কৰে৷
দুপৰীয়া প্ৰায় চাৰে বাৰ বজাত হেলিকপ্তাৰেৰে ধিং ষ্টেডিয়ামত আহি উপস্থিত হৈ পোনে পোনে মুখ্যমন্ত্ৰী সোণোৱালে ধিঙৰ আউনীআটি শাখা সত্ৰত সোমাই আশীষ গ্ৰহণ কৰে৷ ইয়াৰ পিছতে গাড়ীৰে হিমা দাসৰ ঘৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক মহিলাসকলে উৰুলিৰে আদৰণি জনাই এক অনন্য পৰিবেশৰ সূচনা কৰে৷ পিছত এক আনন্দমুখৰ পৰিবেশত মুখ্যমন্ত্ৰীগৰাকীয়ে হিমাৰ পিতৃ-মাতৃক প্ৰশস্তি পত্ৰ, ফুলাম গামোচা আৰু শৰাই আদিৰে উষ্ম সম্বৰ্ধনা আৰু অভিনন্দন জনায়৷ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাকে প্ৰমুখ্য কৰি বিজেপিৰ বহু স্থানীয় নেতা-কৰ্মীয়ে৷