৫ মাহ ধৰি জেলত হোৱাটছ এপ গ্ৰুপৰ এডমিন, উত্তেজনামূলক মেচেজ কৰিছিল প্ৰচাৰ

newsnextone.com | ডিজিটেল ডেস্কঃ কথা মতেই কাম কৰিছে হোৱাটছ এপ কৰ্তৃপক্ষই। হোৱাটছ এপ কৰ্তৃপক্ষই উত্তেজনামূলক মেচেজ আৰু ভুৱা খবৰৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা কৰাৰ লগতে ভুৱা মেচেজ প্ৰচাৰ কৰিলে ৫ মাহ পৰ্যন্ত জেল হ'ব বুলি কৈছিল। বিগত জানুৱাৰী মাহৰ পৰা এই অভিযান আৰম্ভ কৰিছিল হোৱাটছ এপে।

হোৱাটছ এপে প্ৰথম সফলতা লাভ কৰিছিল বিগত ফেব্ৰুৱাৰী মাহত। প্ৰথমগৰাকী যুৱকক উত্তেজনাপূৰ্ণ মেচেজ প্ৰচাৰ কৰাৰ বাবে আটক কৰাৰ  ফলত জেলত সোমাব লগা হৈছে। 

হোৱাটছ এপ আৰু ভাৰত চৰকাৰে গ্ৰহণ কৰা নতুন পদক্ষেপৰ পিছতে মধ্যপ্ৰদেশৰ প্ৰথমগৰাকী যুৱক জেলৰ ভাত খাব লগা হ'য়। জানিব পৰা মতে ৫ মাহে জেলত থাকিব লগা হোৱা যুৱকজনে হোৱাটছ এপ গ্ৰুপত দিয়া মেচেজটো অত্যন্ত উত্তেজনাপূৰ্ণ আছিল। 

যিটো গ্ৰুপত এই মেচেজটো প্ৰচাৰ হৈছিল সেই গ্ৰুপৰ এডমিন জুনেইদ খান ৫ মাহ ধৰি জেলত আছে। মধ্যপ্ৰদেশৰ ৰাজগড়ৰ যুৱকজনৰ গ্ৰুপত প্ৰচাৰ হোৱা মেচেজটো অতি ভয়াবহ আছিল। 

কিন্তু জুনেইদৰ পৰিয়ালে গ্ৰুপটোৰ এডমিন জুনেইদ নাছিল বুলি কয়। পূৰ্বৰ এজন এডমিন ইৰফানেহে মেচেজটো দিছিল বুলি কব খোজে। গ্ৰুপৰ কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ লগতে আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। কিন্তু নিয়ম অনুসৰি মেচেজ দিয়াজনতকৈ গ্ৰুপৰ এডমিনেহে বেছি দায়ী। বিগত ১৪ ফেব্ৰুৱাৰী মাহত গ্ৰেপ্তাৰ হৈছিল জুনেইদ। বৰ্তমানেও জেলত বন্দী হৈ আছে।