মাৰাঠাৰ হিংসাত্মক আন্দোলন, মহাৰাষ্ট্ৰত উত্তেজনা, বন্ধ ইণ্টাৰনেট সেৱা-শিক্ষানুষ্ঠান, গাড়ীত অগ্নি সংযোগ

anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰেও উত্তাল হৈ পৰিল মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্ত। মাৰাঠা জনগোষ্ঠীয়ে সংৰক্ষণৰ দাবীত সোমবাৰৰ পৰা আৰম্ভ কৰা প্ৰতিবাদে উত্তাল কৰি ৰাখিছে ৰাজ্য খনৰ বিভিন্ন এলেকা। সমানে উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত।

সোমবাৰৰ পৰা মাৰাঠা যুৱক ৰাজপথলৈ ওলাই অহাত ক্ৰমান্বয়ে চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰ হ'ব ধৰিছে পৰিস্থিতি। সোমবাৰে প্ৰতিবাদ কৰি থকাৰ সময়তে এগৰাকী লোকে নৈত জাপ দি আত্মহত্যা কৰাত পুনৰ উত্তাল হৈ পৰিছে বিভিন্ন ঠাই। উত্তেজনাৰ মাজতে প্ৰতিবাদ হিংসাত্মক হ'ব ধৰিছে। কেইবা খনো ট্ৰাকত ইতিমধ্যে অগ্নি সংযোগ কৰাৰ লগতে ২ যুৱকে নৈত জঁপিয়াই প্ৰাণ দিয়াৰ চেষ্টা কৰে। ইমানে নহয় বহু প্ৰতিবাদকাৰীয়ে মুণ্ডন কৰে।  

মহাৰাষ্ট্ৰৰ মাৰাঠাৰ ঘাটি মৰাঠৱাৰাত সকলোতকৈ বৈছি প্ৰতিবাদৰ ফলত উত্তেজনাই বিৰাজ কৰে। মৰাঠৱাৰাত স্কুল আৰু কলেজ বন্ধ কৰি দিয়ে। ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়ান কৰা হৈছে। ইয়াৰ লগে লগে মাৰাঠৱাৰা, ওছমানৱাদ আদি এলেকাত নিৰাপত্তাৰক্ষী মোতায়ান কৰা হৈছে।

ঔৰংগবাদ-পুনে মাৰ্গত বন্ধ কৰা দিয়া হৈছে।মাৰাঠ ক্ৰান্তি মৰ্চাৰ সমিতিৰ নেতাকৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ঔৰংগবাদ-পুনে মাৰ্গত। চৰকাৰী বাছৰ সেৱা বন্ধ কৰি দিয়া হৈছে। মাৰাঠা সংৰক্ষণ বিধেয়কৰ পক্ষত প্ৰতিবাদ সাব্যস্ত কৰাত ৰাজনীতিও আৰম্ভ হৈছে। ইকিমধ্যে নৈত জপিয়াই প্ৰাণ দিয়া ঔৰংজেৱ জিলাৰ চিল্লোৰৰ কাঈগাঁৱৰ  ২৮ বছৰীয়া যুৱক দত্তত্ৰায় চিন্ধেক চৰকাৰ সাহয্য দিয়াৰ কথা ঘোষণা কৰে। প্ৰকৃততে দত্তত্ৰায় চিন্ধেয়ে নৈত জপিয়াই আত্মহত্যা কৰাৰ পিছৰে পৰা প্ৰতিবাদে হিংসাৰ ৰূপ লয়।   
আনহাতে মঙলবাৰে এগৰাকী শিৱ সেনাৰ সাংসদকো আক্ৰমণ কৰে একাংশ লোকে। প্ৰতিবাদ কৰি থকাৰ সময়তে সাংসদগৰাকী উপস্থিত হোৱাত ৰাইজ উত্তেজিত হৈ পৰে।