গণ আন্দোলনক নকৰে কেৰেপ, ৰহাত কৰ সংগ্ৰহৰ বাবে মুখ্য সচিব-আৰক্ষীৰ লাগে সহায় NHAIক

newsnextone.com | নগাঁওঃ বিভিন্ন সংগঠন আৰু ৰাইজৰ প্ৰৱল প্ৰতিবাদ অব্যাহত থকা সত্বেও নগাঁও জিলাৰ ৰহাৰ টোলগে'টটো স্থায়ী ভাৱে বন্ধ নকৰাৰ সিদ্ধান্তত অটল আছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ। দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে প্ৰমুখ্যে কৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদত সেও মানি ঘাই পথ প্ৰাধিকৰণে টোলগে'ট ২৪ ঘন্টাৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছিল।

২৪ ঘণ্টা সময় উকলি যোৱাৰ পিছতোঁ টোলগে'টটো মুকলি কৰা নাই। কিন্তু বিভিন্ন দল-সংগঠনে ৰহাৰ টোলগে'ট সম্পূৰ্ণ অবৈধ বুলি দাবী কৰি ইয়াক চিৰ দিনৰ বাবে বন্ধ কৰিবলৈ যি দাবী উত্থাপন কৰিছিল যদিও সেই দাবীক নাকচ কৰি টোলগে'ট সম্পূৰ্ণ বৈধ বুলিহে দাবী কৰিলে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰ উত্তৰ পূব সমণ্ডলৰ বিষয়া আৰ পি সিঙে।

এই সন্দৰ্ভত সিঙে যোৱা ২৩ জুলাইত এক পত্ৰ ৰাজ্যৰ মুখ্য সচিব, আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু নগাঁও জিলা উপায়ুক্তৰ প্ৰেৰণ কৰিছে। ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰ বিষয়া আৰ পি সিঙে প্ৰেৰণ কৰা পত্ৰ খনত ৰহা টোলগেট' অবৈধ নহয় বুলি উল্লেখ কৰি এই টোলগেটত যান-বাহনৰ পৰা যাতায়তৰ মাচুল সংগ্ৰহ কৰাৰ ক্ষেত্ৰত প্ৰশাসনিক সমৰ্থন আগবঢ়াবলৈ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু নগাঁও জিলা উপায়ুক্তক আহ্বান জনায়।

ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰ বিষয়া জনৰ এই পত্ৰ খনে অধিক স্পষ্ট কৰি দিলে যে ৰাইজে যিমানেই প্ৰতিবাদ নকৰক কিয় তেওঁলোকে কোনো কাৰণতে ৰহাৰ টোলগে'ট বন্ধ নকৰে। ইপিনে ৰহাৰ টোলগে'ট সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা, বৈঠকত কোনো সিদ্ধান্ত নোহোৱা পৰ্যন্ত টোলগে'ট বন্ধ ৰখাৰ দাবীত জাতীয় আৰু নৃগোষ্ঠীয় সংগঠন সমূহৰ সংযুক্ত মঞ্চৰ হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁও জিলা উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

কৃষক মুক্তিৰ জিলা সমিতিৰ সভাপতি খগেন গায়ন, সম্পাদক জিতেন বৰা, যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া স্বাক্ষৰিত স্মাৰকপত্ৰ খনত বৈঠকলৈ সকলো সংগঠনৰ কেন্দ্ৰীয় নেতা আহিব পৰাকৈ ৬-৭দিনৰ সময় দি সেই সময়ছোৱাত টোলগে'ট বন্ধ ৰখা, ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰ বিষয়াই মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু নগাঁও জিলাৰ উপায়ুক্তক প্ৰদান কৰা পত্ৰ খনত এন এইচ এ আই ফিজ ৰোল সন্দৰ্ভত ৮ নম্বৰ দফাটোৰ ভুল ব্যাখ্যা ডাঙি ধৰাৰ অভিযোগ উল্থাপন কৰিছে।

বলপূৰ্বক টোলগে'ট খুলিবলৈ যত্ন কৰিলে ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ'ব বুলিও হংকাৰ দিয়ে সংগঠনসমূহে। ৰহা টোলগে'ট বিৰোধী আন্দোলনৰ অগ্ৰণী নেতা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ অসমৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে সাংবাদিকৰ আগত কয় যে কোনো কাৰণতে ৰহাৰ অবৈধ টোলগে'ট খুলিবলৈ দিয়া নহ'ব। ৰাইজৰ প্ৰতিবাদক ভেঙুচালি কৰি ভয়-ভাবুকিৰে টোলগে'ট খুলিলে পৰিস্থিতি বিষম হ'ব।যেতিয়াই টোলগেট খুলিব, তেতিয়াই আমাৰ আন্দোলন আৰম্ভ হ'ব। 

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে সাংবাদিকৰ আগত কয় যে টোলগে'ট সন্দৰ্ভত ছৰ্ট টাইম নটিছত আলোচনা নহয়। কেৱল উপায়ুক্তই আলোচনা কৰিলেই নহ'ব। এই আলোচনাত জিলা উপায়ুক্তৰ উপৰিও ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰ কৰ্তৃপক্ষ,অসম চৰকাৰৰ প্ৰতিনিধিও উপস্থিত থাকিব লাগিব। আলোচনা নোহোৱা পৰ্যন্ত ৰহা টোলগে'ট বন্ধ থাকিব লাগিব। যদি দল-সংগঠনৰ প্ৰতিবাদক আওকাণ কৰি টোলগেট পুনৰ মুকলি কৰা হয় তেতিয়া ঘাই পথ প্ৰাধিকৰণ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। ৰহাৰ অবৈধ টোলগেট বন্ধ হ'বই লাগিব বুলি কয় অখিলে।