চৰাইবাহী বৈদ্যুতিক উপ-সংমণ্ডলৰ বিষয়া লাটুমণি বৰ্মণক নিলম্বন, ভুৱা বিলেৰে চলাইছিল লুণ্ঠন

newsnextone.com | মৰিগাওঁঃ মৰিগাওঁ জিলাৰ চৰাইবাহী বৈদ্যুতিক উপ-সংমণ্ডলৰ বিষয়া লাটুমণি বৰ্মণক অৱশেষত বিভাগে নিলম্বন কৰে। বিতৰ্কিত বিষয়াজনক বিভাগে নিলম্বন কৰাৰ পিছত  স্থানীয় ৰাইজে শুভেচ্ছা যাচে বিভাগক। উল্লেখ্য যে, বিতৰ্কিত বিষয়া জনে দীৰ্ঘদিনৰ পৰা ভুৱা বিল প্ৰস্তুত কৰি ৰাইজৰ ধন হৰলুকি কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল।

২০১৬ চনত কাৰ্যালয়ত আৰএমএচৰ দায়িত্বত থকা বৰ্মনে সংঘটিত কৰা কেইবাটাও বিয়াগোম লুণ্ঠনৰ তথ্য জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাই পোহৰলৈ আনিছিল। সকলো লুণ্ঠনৰ সবিশেষ তথ্য দাখিল কৰি ছাত্ৰ সংগঠনটোৱে বিতৰ্কিত বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ বিভাগক দাবী জনায়। কিন্তু বিভাগে ৰহস্যজনক কাৰণত এইসন্দৰ্ভত ব্যৱস্থা লোৱাৰ পৰা বিৰত থাকে।

এই কাৰ্যত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে বিতৰ্কিত বৰ্মণে পদোন্নতিহে লাভ কৰি চৰাইবাহী বৈদ্যুতিক উপ-সংমণ্ডলৰ এচডিঅ’ৰ আসনত অধিষ্ঠিত হয়। ইয়াৰ পিছতেই স্থানীয় বিভিন্ন দল-সংগঠনে প্ৰতিবাদমুখৰ হৈ পৰে। এনেদৰে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ৭ জুনত বিভাগৰ মুখ্য কাৰ্যালয় বিজুলী ভৱনৰ পৰা অহা ৫ জনীয়া এটি দলে ৰাইজৰ অভিযোগ সন্দৰ্ভত তদন্ত কৰে।

তদন্তকালত বিষয়াজনৰ বিৰুদ্ধে উত্থাপিত আভিযোগ সমূহ তন্ন তন্নকে পৰীক্ষা কৰি ক্লু লাভ কৰাৰ পিছতোঁ বিতৰ্কিত বিষয়াজনৰ বিৰুদ্ধে বিভাগে ব্যৱস্থা লোৱাৰ পৰা বিৰত থাকে। এনেদৰে বিষয়াজনক ৰক্ষণা-বেক্ষণ দি অহাত অতিষ্ঠ হৈ অৱশেষত স্থানীয় ৰাইজে ধৈৰ্য পৰীক্ষা নকৰিবলৈ বিভাগক সকীয়াই দিয়াৰ লগতে শক্তিমন্ত্ৰী তপন কুমাৰ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

লক্ষণীয় ভাৱে ইয়াৰ পিছতেই বিভাগটোৱে মেম’ নম্বৰ MD/APDCL/HR/CON/35/2018/75 নিৰ্দেশ মৰ্মে বিতৰ্কিত বৰ্মণক নিলম্বন কৰে। লাহৰীঘাট বৈদ্যুতিক উপ-সংমমণ্ডলৰ বিষয়া প্ৰাঞ্জল শইকীয়াক চৰাইবাহী বৈদ্যুতিক উপ-সংমণ্ডলৰ দায়িত্ব চলাই নিবলৈ আন এক নিৰ্দেশ দিয়ে। বিভাগটোৱে লাটুমনি বৰ্মণক নিলম্বন কৰা  কাৰ্যক স্থানীয় বিভিন্ন দল-সংগঠনে আদৰণি জনায়।