
newsnextone.com | কলিয়াবৰঃ বিশুদ্ধ খোৱাপানীৰ ব্যৱসায় কৰাৰ নামত মাধ্য অসমত বৰবিহ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। নগাঁও জিলাৰ কলিয়াবৰৰ লোহিত নামৰ বিশুদ্ধ পানী ব্যৱসায়ী উদ্যোগৰ বিৰুদ্ধে বৰবিহ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। দীৰ্ঘদিন ধৰি খোৱাৰ অনুপযুক্ত পানী বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে কিছুদিন পূৰ্বে কেইবাটাও লেতেৰা শেলুৱৈ মিহলি হৈ থকা পানীৰ বটল উদ্ধাৰ হয় কলিয়াবৰত।
জানিব পৰা মতে, লোহিত কোম্পানীয়ে যোগান ধৰিছিল বিভিন্ন দোকানত পানীৰ বটল। কিছুদিন পূৰ্বে কলিয়াবৰৰ হাতীগাঁৱৰ ৰফিকুল ইছলাম নামৰ এজন যুৱকে বিশুদ্ধ খোৱা পানীৰ বটলত কিনি খায় কলিয়াবৰত। পানী খোৱাৰ সময়ত বটলৰ ভিতৰত কলা কলা দাগ পৰা প্ৰত্যক্ষ কৰে। তাৰ পিছতে সেয়া শেলুৱৈ বুলি নিশ্চিত কৰে।
লগে লগে যুৱকজনে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগক ফোনৰ যোগে এই কথা অৱগত কৰে । লগে লগে মহকুমাধিপতি বিতুপন নেওঁগে কাৰ্যবাহী দণ্ডাধীশ ঋতুপল্লৱ বৰুৱা আৰু যোগান বিভাগৰ এটা দলক ঘটনা স্থলীলৈ প্ৰেৰণ কৰে।
ঘটনাস্থলীত যোগান বিভাগৰ দলটো উপস্থিত হৈ দোকানত বিক্ৰী কৰিবৰ বাবে আনি মজুত কৰি থোৱা লোহিত নামৰ কোম্পানীৰ পানীৰ বটলসমূহ জব্দ কৰে। কাৰ্যবাহী দণ্ডাধীশ ঋতুপল্লৱ বৰুৱাই জব্দ কৰা পানীবটল সমূহ পৰীক্ষা কৰিবৰ বাবে লেবলৈ পঠোৱা হ'ব আৰু লেবৰ প্ৰতিবেদনৰ ভিত্তিত কলিয়াবৰ স্থিত লোহিত নামৰ কোম্পেনীটোৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি কয়। কলিয়াবৰত ব্যৱসায় কৰি থকা লোহিত নামৰ প্রতিষ্ঠানটোৱে খোৱা পানীৰ নামত বজাৰত বৰবিহ বিক্ৰী কৰা বুলি অভিযোগ দীৰ্ঘদিনৰ।