হিন্দু বাংলাদেশীৰ নাগৰিকত্ব, দুলীয়াজানত কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৰ প্ৰতিমূৰ্তি দাহ ছাত্ৰ মুক্তিৰ

newsnextone.com | দুলীয়াজানঃ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ একাংশ দল-সংগঠন। ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ বাংলাদেশৰ পৰা অহা হিন্দুক নাগৰিকত্ব দিয়াৰ পোষকতা কৰি মন্তব্য প্ৰকাশ কৰাৰ পিছৰে পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত প্ৰকাশ কৰিছে একাংশ সংগঠনে। ৰাজ্যৰ সংগঠন সমূহে এজনো বাংলাদেশৰ হিন্দুক অসমত থিতাপি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তৈল নগৰী দুলীয়াজানত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ প্ৰতিমূৰ্তি দাহ কৰি এই মন্তব্যক উভতি ধৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি কোনো কাৰণত অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰে। ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ বাংলাদেশৰ পৰা অহা হিন্দুক নাগৰিকত্ব দিয়াৰ পোষকতা কৰিছিল মন্ত্ৰীগৰাকীয়ে। এই মন্তব্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। 

প্ৰতিবাদীকাৰীয়ে কিৰেণ ৰিজিজুৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে কিৰণ ৰিজিজু মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে। কেন্দ্ৰীয় গৃহ ৰাজ্য  কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এনেধৰণৰ মন্তব্য পুনৰ নিদিবলৈ সকীয়াই দিয়ে সংগঠনটোৱে।