
newsnextone.com | তামুলপুৰঃ বছৰ বছৰ ধৰি পুখুৰী সদৃশ গাঁতেৰে ভৰি থকা ৰাজপথৰে আহ-যাহ কৰিব লগীয়া হৈছে তামুলপুৰৰ ৰাইজে৷ উল্লেখ্য যে, বিটিএডিৰ বাক্সা জিলাৰ তামুলপুৰ-ঘগ্ৰাপাৰ গড়কাপ্তানী সংযোগী জৰাজীৰ্ণ পথৰ দুৰৱস্থাৰ বাবেই অঞ্চলটোত এম্বুলেন্সত ৰোগী নিব নোৱাৰাৰ দৰে পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে সাধাৰণ লোকে যাতায়াত কৰিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে। ইমানে নহয় বৰ্তমান বহুল প্ৰচলিত বাহন টেম্প আৰু ই-ৰিক্সাত উঠিলে পথটোৰ গাতৰ বাবে মানুহৰ কঁকাল ভাঙিব বুলি সন্দেহ প্ৰকাশ কৰে।
সময়ে সময়ে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মডেল বিটিচিৰ কথা কয় যদিও পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী-ব্যৱসায়ী, চাকৰিয়াল আদিয়ে বিপদত পৰে৷ কিয়নো গাড়ীতোঁ বাদেই বাইক, চাইকলে চলোৱাৰো অনুপযোগী হৈ পৰিছে পথটো৷
বিধায়ক ইমানুৱেল মুছাহাৰীয়ে কংগ্ৰেছ চৰকাৰৰ দিনত আৰু বৰ্তমানৰ চৰকাৰৰ দিনত পথটো মেৰামতি কৰিবলৈ ব্যৱস্থাই গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পথটো নিৰ্মাণ নকৰিলে অঞ্চলবাসীয়ে পুখুৰী সদৃশ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিব বুলি কয়। নতুন চৰকাৰখনে দুবছৰ সম্পূর্ণ কৰাৰ পিছতোঁ পথছোৱা নিৰ্মাণৰ কোনো ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে৷
ছৰ-বছৰ ধৰি জৰাজীৰ্ণ বাট-পথৰ বাবে আহ-যাহত সমস্যাত পৰিছে তামুলপুৰ সমষ্টিৰ ৰাইজে৷ সমষ্টিৰ ৰাইজে জৰাজীৰ্ণ তথা কদৰ্যময় পথৰ বাবে অতিষ্ঠ হৈ পৰিছে৷ ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ বাবে অঞ্চলটো ক্ৰমশঃ পিছ পৰি আছে৷ কেইবাটাও পথৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া জ্বলা-কলা খুৱাইছে ৰাইজক।
বাক্সা আৰু নলবাৰী জিলাৰ সীমান্তৰ তামুলপুৰ-ঘগ্ৰাপাৰ গড়কাপ্তানী পথটো জনসাধাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ পথ। পথটোৰ তামুলপুৰ ঘগ্ৰাচকৰ পৰা গোঁসাইকমল আলিলৈ প্ৰায় ৮ কিলোমিটাৰ অংশৰ বিধ্বস্ত ৰূপে ৰাইজক জ্বলাকলা খুৱাই আহিছে। পথটোৰে নিতৌ স্কুল-কলেজৰ ছাত্র-ছাত্ৰী, ৰোগীকে ধৰি সৰ্বসাধাৰণ ৰাইজ যাতনা ভোগ কৰি আহিছে। পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাই পথছোৱা মেৰামতি কৰাৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসুচী গ্ৰহণ কৰি আহিছে যদিও প্ৰশাসনে নতুবা জনপ্ৰতিনিধিয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নায়।