
newsnextone.com | ওদালগুৰিঃ অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰী সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। যোৱা ১৮ জুলাইত হস্তাক্ষৰ নমুনা সংগ্ৰহৰ বাবে ২০১৬ চনৰ ১৯ গৰাকী এচিএছ আৰু এপিএছক অসম আৰক্ষীৰ কাহিলিপাৰাৰ বিশেষ শাখালৈ মাতি আনি গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ এইবাৰ মধ্যভোগী ধৰিবলৈ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।
২২ জুলাইত মঙলদৈ আৰু গুৱাহাটীত ডিব্ৰুগড় আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই চাকৰি দিয়া মধ্যভোগীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা দুজন লোকৰ মাজত এজন লোক বিজেপিৰ নেতা বুলি জানিব পৰা গৈছে। নিশা মঙলদৈ চহৰত অভিযান চলাই মঙলদৈ আৰক্ষীৰ সহযোগত শৈলেন শৰ্মা বৰুৱা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, শৈলেন শৰ্মা ৰাকেশ পালৰ জৰিয়তে ধনৰ বিনিময়ত কেইবাগৰাকী প্ৰাৰ্থীক চাকৰি দিয়াই নহয় ন্যায়াধীশক মেনেজ কৰিব খুজুছুল বুলি অভিযোগ উত্থাপন হয়। ইয়াৰ লগতে শৈলেন শৰ্মা মঙলদৈ বিধায়ক গুৰুজ্যোতি দাসৰ বিশ্বস্ত।
তাৰ মাজতে বৃহস্পতিবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে ওদালগুৰিত উপস্থিত হৈ অসম লোকসেৱা আয়োগৰ কেলংকাৰী সন্দৰ্ভত অভিযান চলায়। অসম লোকসেৱা আয়োগৰ কেলংকাৰীত পৰা লোকক বচাবলৈ ন্যায়াধীশক মেনেজ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা মঙলদৈ উকীল সন্থাৰ সাধাৰণ সম্পাদক শৈলেন শৰ্মা বৰুৱাক লগত লৈ এপিএচছি কেলেংকাৰীৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বত অভিযান চলে।
যাৰ ফলত ওদালগুৰিত ব্যাপক চৰ্চা অব্যাহত আছে। পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে কেতবোৰ নতুন নতুন চাঞ্চল্যকৰ তথ্য। অধিবক্তাগৰাকীক ওদালগুৰিলৈ আনাৰ পাছত একাংশ লোকে অধিবক্তাগৰাকীক পূৰ্বে বিভিন্ন সময়ত ওদালগুৰি সত্ৰ ন্যায়ধীশৰ কাৰ্যালয় চৌহদত দেখা পোৱা বুলি মত প্ৰকাশ কৰে।
ওদালগুৰি সত্ৰ ন্যায়ধীশৰ কাৰ্যালয় চৌহদত সাংবাদিক উপস্থিত হোৱাৰ সময়ত বিভিন্নজনৰ মুখত শুনা গৈছিল শৈলেন শৰ্মা বৰুৱাৰ চৰ্চা। বিভিন্ন মাধ্যমযোগে তেওঁৰ কু কৰ্মৰ কথা দেখাৰ পাছত একাংশ লোকে জনাই যে পূৰ্বেও ওদালগুৰি সত্ৰ ন্যায়ধীশৰ কাৰ্যালয়ৰ চৌহদত বহুবাৰ দেখা গৈছিল শৰ্মাক।
বিভিন্ন সময়ত ধৃত শৰ্মাই লগত আনিছিল সুন্দৰী যুৱতী। আনহাতে আন এক সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশে চৰ্চালৈ অহা ওদালগুৰিৰ সত্ৰ ন্যায়ধীশ প্ৰশান্ত কুমাৰ শইকীয়াক তলব কৰে।
উচ্চ ন্যায়ালয়ত তেৰ জৱানবন্দী গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে। ইফালে নিশা ডিব্ৰুগড় আৰক্ষীয়ে এক বৃহৎ টকাৰ সন্ধান কৰাৰ লগতে ধৃত শৈলেন শৰ্মা বৰুৱাৰ মোবাইল ফোনটো সন্দৰ্ভত ওদালগুৰিত উপস্থিত হৈছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে যদিও অভিযানৰ সময়ত কি তথ্য লাভ কৰিলে সেয়া স্পষ্ট হোৱা নাই। আনহাতে ওদালগুৰিৰ এগৰাকী মহিলা অধিবক্তাই ওদালগুৰিৰ কোনো এক বিশেষ স্থানত মহিলা ন্যায়াধীশক ধৃত শৈলেন শৰ্মা বৰুৱাই দিয়া এক কোটি টকা প্ৰদানৰ সন্দেহ কৰা হৈছে।
উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ গোচৰত এতিয়ালৈ ৬৫গৰাকী লোকক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰে ৫৬গৰাকী ACS-APS বিষয়া, ৭গৰাকী চাকৰিৰ মধ্যভোগী, পূৰ্বৰ অধ্যক্ষ আৰু দুই সদস্য আছে৷ আৰক্ষীয়ে মুঠ ৪৬গৰাকীহে চাৰ্জশ্বীট আদালতত দাখিল কৰেছে এতিয়ালৈ।