খেৰণি-ৰংপাংবঙত কেতিয়া নিৰ্মাণ হ'ব দলং, চৰকাৰে উত্তৰ দিয়ক কাৰ্বি আংলঙবাসীক

newsnextone.com | খেৰণিঃ যোৱা দুটা বছৰে এখন দলং নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে এখন বিয়াগোম ৰাজ্য চৰকাৰ, এখন স্বায়ত্ত শাসিত পৰিষদে। সকলো সময়তে উন্নয়নৰ কথাকৈ অহা চৰকাৰে কামত কিমান মনোনিবেশ কৰিছে সেই কথা এনে খবৰৰ দ্বাৰা ওলাই পৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্যতম ব্যস্ত পথ খেৰণি-ৰংপাংবং গড়কাপ্তানী পথৰ আমৰেঙ নৈত নিৰ্মাণ কৰি থকা পকী দলঙৰ বাবে ৰাইজে প্ৰতিদিনে যমৰ-যাতনা ভোগ কৰি আহিছে। ৰাইজৰ দীৰ্ঘ দাবীৰ অন্তত তিনিটা বছৰ পূৰ্বে দলং নিৰ্মাণৰ বাবে ১২ কোটি ৫৩ লাখ টকা আৱণ্টন দিছিল চৰকাৰে।

 কিন্তু ঠিকা লাভ কৰা প্ৰতিষ্ঠানে নিজ ইচ্ছা মতে কাম কৰাৰ পিছতোঁ ধৰোতা কোনো নাই। যোৱা তিনিটা বছৰে নিজ ইচ্ছা মতে কেতিয়াবা কাম কৰিছে কেতিয়াবা এসপ্তাহলৈ কাম নকৰাকৈ আছে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে। ইমানে নহয় নৈৰ দাতিত বহুওৱা খুঁটা বেকা হোৱা পৰিলক্ষিত হৈছে। যোৱা ২টা বছৰত ১০ শতাংশ কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদৰৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

বিভাগৰ অভিযন্তা, বিষয়াই ঠিকাদাৰৰ সৈতে ভাল সম্পৰ্ক বৰ্তাই ৰখাৰ বাবেই ঠিকাদাৰৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। আনহাতে মন্ত্ৰী-বিধায়ক, স্থানীয় পৰিষদীয় সাধাৰণ সদস্যই দলং নিৰ্মাণত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়। গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বাট-পথ-দলঙৰ উন্নয়নৰ বাবে ব্য়ৱস্থা গ্ৰহণৰ বাবে অভিযন্তা-বিষয়াক কৈ আহিছে যদিও গুৰুত্ব আৰোপ কৰাহে দেখা নাযায়। 

পশ্চিম কাৰ্বি আংলং জিলাৰ অন্যতম ব্যস্ত পথ খেৰণি-ৰংপাংবং গড়কাপ্তানী পথৰ আমৰেঙ নৈত দলং নথকাৰ বাবে কলেজ-স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, ৰোগী, চকৰিয়াল, কৃষক আদিয়ে ব্যাপক সমস্যাত পৰিছে। মৰণক শৰণ কৰি আমৰেং নৈৰ বুকুৰে আহ-যাহ কৰিব লগা হৈছে। নৈত পানী বাঢ়িলে আহ-যাহ বন্ধ হৈ পৰা প্ৰায় ৪৫ হাজাৰ লোকৰ।  
 

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত গড়কাপ্তানী বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে ৰাইজে। ১২ কোটি ৫৩ লাখ টকাৰে নিৰ্মাণ কৰি থকা পকী দলঙত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছে। বাঢ়নী পানীয়ে দলঙৰ মূলখুঁটা হেকা কৰি পেলাইছে। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ গড়কাপ্তানী বিভাগৰ চৰম দায়িত্বহীনতাৰ পৰিণতিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ লগতে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। 

১২ কোটি ৫৩ লাখ টকাৰে নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া আমৰেঙ এতিয়ালৈকে নিৰ্মাণৰ কাম সম্পূর্ণ প্ৰায় হ'ব লাগিছিল যদিও আজি পৰ্যন্ত দলংখনৰ খুঁটা নিৰ্মাণৰ কামো সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষই। আনহাতে নিৰ্মাণৰ কাম নিম্নমানৰ আৰু বিসংগতিপূৰ্ণ হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে।

পথটোৰে দৈনন্দিন ৪৫ হাজাৰ লোকে চলাচল কৰে। পুৰণি দলংখনৰ পৰা পৰিত্ৰাণ বিচাৰি নতুন দলংখন নিৰ্মাণ সম্পূৰ্ণ হোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাইছিল ৰাইজে। কিন্তু দলংখনৰ নিৰ্মাণৰ কাম লেহেমীয়া গতি আৰু নিৰ্মাণ কাৰ্যত বিসংগতি প্ৰত্যক্ষ কৰি ৰাইজ নিৰাশ হৈ পৰিছে।