
মৰিয়নীঃ যোৰহাট জিলাৰ মৰিয়নী বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শনিবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি বিজেপিৰ বিৰুদ্ধে ১৫টা বিষয়ত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে। মৰিয়নীত কেইবাগাৰকী দলীয় কৰ্মী সহ প্ৰতিবাদত বহা ৰূপজ্যোতি কুৰ্মীয়ে কয় যে চৰকাৰ খনৰ ২ টা বছৰ পাৰ হৈ গ'ল। চাওতে চাওতে ৫ বছৰ পাৰ হৈ যাব। বিজেপিয়ে ৰাইজক ঠগি মিলি ভোট লৈছিল। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকিৰলে। বিভিন্ন সমস্যা আজিলৈ সমাধান কৰিব নোৱাৰিল কিন্তু সকলোতে বিজেপিকৰণহে কৰিলে বুলি কয় কুৰ্মীয়ে।
কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী ১৫ দাবী তথা তথা ১৫ বিষয়ত বিজেপি চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে। শনিবাৰৰ পৰা বহা অৱস্থান ধৰ্মঘটস্থিৰ পৰা উত্থাপন কৰি বিষয় কেইটা হৈছে।
♦২০১৭ চনৰ ৩১ ডিচেম্বৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ম্যাদ অন্ত পৰে৷ ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চাহ শ্ৰমিকসকলে বৰ্দ্ধিত মজুৰি, ভৱিষ্যনিধি, গ্ৰেচুয়েটি লাভ কৰিব লাগিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নায়। এটি স্বেচ্ছাসেৱী অনুষ্ঠানে তৰা গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে শ্ৰমিকক মজুৰি বৃদ্ধি কৰাৰ বাবে নিৰ্দেশ দিছিল যদিও বিজেপি চৰকাৰে মজুৰি বৃদ্ধিত কৰি শ্ৰমিকক আদায় দিয়া বুলি মিছা মাতিছে।
♦অচ্ছে দিনৰ কথা কৈ কেৰাচিনৰ মূল্য ১২ টকাৰ পৰা ৩০ টকালৈ বৃদ্ধি কৰিলে
♦অচ্ছে দিনৰ কথা কৈ কংগ্ৰেছে গৰ্ভৱতী মহিলাক দিয়া ১৪০০ আৰু ১০০০ টকা বিজেপিয়ে বন্ধ কৰিছে। গৰ্ভৱতী মহিলাৰ বাবে ৰূপায়ণ কৰা কংগ্ৰেছৰ মামণি, মাজণি, মৰম আদি আঁচনি বন্ধ কৰিছে বিজেপিয়ে।
♦অচ্ছে দিনৰ কথা কৈ ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চাহ শ্ৰমিকসকলক বৰ্দ্ধিত মজুৰি দিম বুলি কৈ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে।
♦অচ্ছে দিনৰ কথা কৈ ডিজেল-পেট্ৰলৰ আকাশলংঘী মূল্য বৃদ্ধি কৰিলে।
♦অচ্ছে দিনৰ কথা কৈ কংগ্ৰেছৰ আমোলৰ ৩৪০ টকাৰ ৰন্ধন গেছ বিজেপিৰ দিনত ৮৪০ কৰা হ'ল।
♦অচ্ছে দিনৰ কথা কৈ বিদেশৰ পৰা কলা ধন আনি প্ৰতিগৰাকী ভাৰতীয়ৰ বেংক একাউণ্টত ১৫ লাখকৈ দিম বুলি কৈ প্ৰতিশ্ৰুতি দি পালন কৰিব নোৱাৰিলে।
♦জাতি মাটিৰ কথা কোৱা চৰকাৰে গিবন অভয়াৰণ্যক সুৰক্ষা দিয়াত বিফল চৰকাৰ।
♦জাতি মাটিৰ কথা কোৱা বিজেপিয়ে ৮৫৫ জন শ্বহীদৰ স্মৃতিত স্বাক্ষৰ কৰা অসম চুক্তিক অপমান কৰি বিদেশীক অসমত সংস্থাপন দিব বিচৰা।
♦জাতি মাটিৰ কথা কোৱা চৰকাৰে শিক্ষকৰ চাকৰি নিয়মীয়া নকৰিলে। আত্মজাহ দিব খোজা শিক্ষকৰ চাকৰি নিয়মীয়া কৰিব নোৱাৰিলে।
♦জাতি মাটিৰ কথা কোৱা চৰকাৰে প্ৰতিবাদ কৰিবলৈ ওলাই অহা দিব্যাংগক বৰ্বৰ ভাৱে প্ৰহাৰ কৰা।
♦জাতি মাটিৰ কথা কোৱা চৰকাৰে ঔষধৰ মূল্য বৃদ্ধি কৰিছে।
♦জাতি মাটিৰ কথা কোৱা চৰকাৰে মাটিৰ খাজনা আৰু বিজুলি মাচুল বৃদ্ধি কৰে।
♦জাতি মাটিৰ কথা কোৱা কণীৰ মূল্য ৫ টকাৰ পৰা ৭ টকা কৰিলে।
♦জাতি মাটিৰ কথা কোৱা চৰকাৰে গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নায়।