
newsnextone.com | তামুলপুৰঃ এনআৰচিৰ খচৰা প্ৰকাশৰ পূৰ্বে ৰাজ্য যাতে কোনো অসুস্থ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ প্ৰশাসনেও অব্যাহত ৰাখিছে এই চেষ্টা৷
৩১ জুলাইত নাগৰীক পঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশ পাব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এন আৰ চিৰ খচৰা প্ৰকাশৰ কাম দ্ৰুত গতিত আগবাঢ়িছে বক্সা জিলাত। তাৰ মাজতে তামুলপুৰ প্ৰশাসনৰ উদ্যোগত এখন এন আৰ চি বিষয়ক সভা অনুষ্ঠিত হয়
নাগ্রীজুলি আৰক্ষী চকীত এনআৰ চি খচৰা প্ৰকাশ সন্দৰ্ভত অনুষ্ঠিত সজাগতা সভাত নাগ্রীজুলি আৰক্ষী চকীৰ অধীনৰ গাঁওৰক্ষী বাহিনী সমিতিৰ সভাপতি হৰি শংকৰ নমঃ শৰ্মাৰ পৰিচালনা কৰে। তামুলপুৰ আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক দিলীপ দাসে ৩০ জুলাইত প্ৰকাশ পাবলগীয়া এনআৰচি প্ৰকাশ পোৱাৰ পিছত যাতে অঞ্চলটোত শান্তি শৃংখলা বজাই ৰখাৰ তাৰ আহ্বান জনায়।
নাগ্রীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল সিংহ আৰু সহকাৰী উপ-পৰিদৰ্শক জাকিৰ হুছেইনে উপস্থিত থকা সভাত নাগ্রীজুলি অঞ্চলৰ বিভিন্ন গাঁওৰ গাঁওবুঢ়া কুমুদ দাস, গোবিন্দ ছেত্ৰী, কামেশ্বৰ স্বৰ্গীয়াৰী আৰু ছবিলাল বড়োৱে ভাষণ প্ৰদান কৰি এনআৰচি.খচৰা প্ৰকাশৰ সময়ত আৰক্ষী প্ৰশাসনক সকলো ধৰণে সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।