
newsnextone.com | বোকাজানঃ এফালে ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহক চৰকাৰী পুঁজি প্ৰদান আৰু আনফালে চৰকাৰী বিদ্যালয়সমূহত গুণোৎসৱ পালন ৷ এয়াই ৰাজ্য চৰকাৰৰ বৰ্তমানৰ শিক্ষা বিভাগ ৷ চৰকাৰী বিদ্যালয়সমূহত শৈক্ষিক মানদণ্ড উন্নীতকৰণৰ বাবে বিদ্যালয় সমূহৰ পালন কৰা গুণোৎসৱ বৰ্তমান ভেকোঁভাওনাতহে পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷
শিক্ষাবিভাগে ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিবেশৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে বিদ্যালয়সমূহত গুণোৎসৱ নামেৰে এক অভিলাষী আঁচনিৰ জৰিয়তে ৰাজ্যত তিনিটা পৰ্যায়ত ৰূপায়নৰ ব্যৱস্থা কৰিছিল ৷ সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ বিদ্যালয়সমূহতো গুণোৎসৱৰ কাৰ্যসূচী সমাপন হৈ গৈছে ৷
উল্লেখ্য যে. কাৰ্বি আংলং জিলাত গুণোৎসৱৰ প্ৰাকক্ষণত কাৰ্বি স্বায়ত্ব পৰিষদৰ অন্তৰ্গত শিক্ষা বিভাগ, বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ লগতে চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয় তথা ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মান উন্নত কৰাৰ স্বাৰ্থত আহোপুৰুসাৰ্থ চেষ্টা কৰা পৰিলক্ষিত হৈছিল ৷ কিন্তু গুণোৎসৱৰ পৰৱৰ্তী সময়ত ইয়াৰ এখন বিপৰীত ছবিহে জিলাখনত দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ ক্ষেত্ৰত ন' ন' আঁচনি গ্ৰহণেৰে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে তৎপৰতা দেখুৱা পৰিলক্ষিত হৈছে। সেই সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে মাচুল ৰেহাইৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে।
সেই সময়তে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনৰ শিক্ষা বিভাগৰ কেতবোৰ হঠকাৰী ভূমিকাই পাৰ্বত্য জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ লগতে জিলাখনৰ শিক্ষাৰ মান নিম্নগামী হোৱাত প্ৰভূত অৰিহণা আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ অন্তৰ্গত প্ৰায় সংখ্যক উচ্চতৰ মাধ্যমিক বিদ্যালয়তেই উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ খালী পদৰ বিপৰীতে বছৰ বছৰ ধৰি বিষয় শিক্ষক-শিক্ষয়ত্ৰী নিযুক্তি দিয়াৰ পৰা বিৰত আছে সংশ্লিষ্ট শিক্ষা বিভাগ ৷
১৯৬৫ চনতে স্থাপিত জিলাখনৰ বোকাজান মহকুমাৰ আগশাৰীৰ শিক্ষানুষ্ঠান তথা সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিটা বিষয়ৰ বিষয় শিক্ষক নোহোৱাকৈয়ে চলি আছে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পাঠদান ৷ ২০১৭ চনত ইংৰাজী বিষয়ৰ বিষয় শিক্ষকগৰাকী অধ্যক্ষ নিযুক্তি দিয়াত পদটো খালী হৈ পৰাৰ লগতে ২০১৮ চনৰ মে' মাহত অসমীয়া আৰু ৰাজনীতি বিজ্ঞানৰ দুয়োজন শিক্ষকে অৱসৰ গ্ৰহণ কৰাত একেলগে এই দুটা পদো খালী ৰৈ পৰে ৷
অধ্যক্ষই বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ত খালী পদৰ প্ৰতিবেদন (vacancy report) দাখিল কৰিছে যদিও কোনো পদক্ষেপেই লোৱা নাই পৰিদৰ্শকৰ কাৰ্যালয়ে। যাৰবাবে বিমোৰত পৰিছে ২০১৯ৰ শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিদ্যালয় কৰ্তৃপক্ষও৷ মহকুমাটোৰ অন্তৰ্গত আন এখন বিদ্যালয় বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ২০১০ চনতে অসমীয়া বিষয় শিক্ষক পদ, ২০১২ চনত বুৰঞ্জী বিষয় শিক্ষক পদ, ২০১৫ চনত ৰাজনীতি বিজ্ঞানৰ বিষয় শিক্ষক পদ আৰু ২০১৭ চনৰ মাৰ্চ মাহত খালী হৈছিল সংস্কৃত বিষয়ৰ বিষয় শিক্ষকৰ পদ৷
আশ্বৰ্যজনকভাৱে কেইবাটাও শিক্ষা বৰ্ষ অতিক্ৰম কৰাৰ পাছতো এই পদ সমূহত নতুনকৈ নিযুক্তি নিদিলে স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগে ৷ শ্ৰেণীত পাঠদান নোহোৱাকৈয়ে কেবাটাও বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে যদিও পৰীক্ষাৰ ফলাফল সন্তোষজনক নহয় ৷ প্ৰাপ্ত সূত্ৰ অনুসৰি বিদ্যালয়ৰ কৰ্তৃপক্ষই কেইবাবাৰো বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ত খালী পদৰ প্ৰতিবেদন (vacancy report) দাখিল কৰিছে যদিও আজি পৰ্যন্ত বিদ্যালয়ৰ পৰিচালনা সমিতিক খালী পদ সমূহত শিক্ষক নিযুক্তিৰ বাবে সাক্ষাৎকাৰ পতাৰ অনুমতি নিদিলে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ে ৷
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ লগতে পৰিষদৰ অন্তৰ্গত শিক্ষা বিভাগে শিক্ষাৰ অধিকাৰ আইন ২০০৯ সম্পূৰ্ণৰূপে উলংঘা কৰি পৰিদৰ্শকৰ কাৰ্যালয়ে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবৰ বাবে সেউজ সংকেত নিদিয়া বুলি জিলাবাসীৰ মাজত সৰৱ আলোচনা হোৱা পৰিলক্ষিত হৈছে ৷ পাৰ্বত্য জিলাখনৰ অধিক সংখ্যক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে অনুৰূপ অৱস্থা ৷ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়ত্ৰীৰ অৱসৰৰ পাছত খালী হৈ ৰয় পদ সমূহ ৷ আনকি বহু বছৰ পাৰ পোৱাৰ পাছতো উচ্চতৰ মাধ্যমিকৰ এই খালী পদ সমূহ পূৰণ কৰিবৰ বাবে শিক্ষা বিভাগে বিভাগীয় ভাবেও সাক্ষাৎকাৰ অনুষ্ঠিত নকৰাত বিষয়টো ৰহস্যজনক আৰু আশ্বৰ্যজনক হৈ পৰিছে ৷
যিহেতু উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অন্যান্য জিলাৰ তুলনাত কাৰ্বি আংলংৰ স্থান তালিকাৰ শেষৰ ফালে থকাৰ এয়াও এক অন্যতম কাৰণ বুলি জিলাখনৰ সচেতন মহলে মন্তব্য কৰিছে ৷ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পাছত বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ সমস্যা, শিক্ষকৰ সমস্যা, ছাত্ৰ-ছাত্ৰীৰ সমস্যা, শ্ৰেণী কোঠাৰ সমস্যা আদি বিভিন্ন সমস্যা সমাধান নকৰাকৈ আগন্তুক অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ শিক্ষা বিভাগে পুনৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ যি চিন্তা-চৰ্চা কৰিছে সেয়াও অনাগত দিনত পূৰ্বৰ দৰেই এক প্ৰহসনত যে পৰিণত হ'ব সেয়া ধুৰূপ ৷