
newsnextone.com | গুৱাহাটীঃ হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে এইবাৰ ইউডিএফৰ মুৰব্বী আজমল সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে। ২০২৬ চনত ইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি মন্তব্য প্ৰকাশ কৰে।
এনআৰচিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি বিধায়ক শিলাদিত্য দেৱে সংবাদ মাধ্যমত সন্মুখত ভাষ্য প্ৰদান কৰি এনআৰচিত মুছলমান বাংলাদেশীৰ নাম সোমোৱাৰ ফলতেই আজমল মুখ্যমন্ত্ৰী হ'ব বুলি দাবী কৰে।
বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে কয় ''বৰ্তমান সময়ত বাংলাদেশী মুছলমানৰ ৩৫টা আসনত যদি প্ৰভাৱ আছে আগন্তুক দিনত আৰু ১৫টাত বাঢ়ি যাব। ৫০ খন আসনত প্ৰভাৱ বৃদ্ধি হ'ব। আজমল চাহাব এতিয়া মুখ্যমন্ত্ৰী হ'ব। ২০১২৬ চনত আজমল চাহাব মুখ্যমন্ত্ৰী আৰু আমি সৰুতে শুনি অহা শংকৰ মাধৱৰ ভূমি পিছত কলেজত আকৌ শুনিলো শংকৰ আজানৰ ভূমি আগন্তুক দিনত আমাৰ লৰা-ছোৱালী কব এয়া আজমল আৰু আজানৰ ভূমি। এই পৰিবেশ এই আনআৰচিৰ পৰা দেখা পাইছো।"