গোলাঘাটৰ ৰাজপথত বানপীড়িত, সাহায্য নিদিয়াৰ অভিযোগ, নীপকোৰ বিষয়াক গ্ৰেপ্তাৰৰ দাবী

newsnextone.com | গোলাঘাটঃ সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বান মৰ্মে গোলাঘাট জিলাৰ বানপীড়িত ৰাইজ ৰাজপথলৈ ওলাই আহে। যোৱা ৮টা দিন বানৰ কৱলত পৰি ককবকাই থকা হাজাৰ হাজাৰ লোকক চৰকাৰে পৰ্যাপ্ত সাহায্য প্ৰদান নকৰাৰ লগতে নীপকোৰ বিৰুদ্ধে কােনো ব্যৱস্থা গ্ৰহণ নকৰাত কৃষক মুক্তিৰ নেতৃত্বত ৰাইজ ৰাজপথলৈ ওলাই আহে। 

গোলাঘাট চহৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্য চৰকাৰে বান সাহায্য দিয়াত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে। কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে গোলাঘাট চহৰৰ মাজমাজিয়াৰে সমদল কৰি চৰকাৰ বিৰোধী শ্লগানেৰে আকাশ বতাহ কঁপাই। 

বানপীড়িতক সাহায্য দিয়ক, নীপকোৰ বিষয়াক গ্ৰেপ্তাৰ কৰক, বানক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়ক আদি শ্ল'গানেৰে আকাশ বতাই কঁপাই কৃষক মুক্তিৰ নেতৃত্বত ওলাই অহা লোকসকলে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বানপীড়িতই অৱস্থান কৰি বিভিন্ন শ্ল'গানেৰে সাহায্য দিয়াৰ লগতে শীঘ্ৰে নীপকোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ ৰ দাবী জনায়।

উল্লেখ্য যে, নীপকোৱে প্ৰকল্পৰ গেটেৰে এৰি দিয়া পানীয়ে গোলাঘাট জিলাত মহা প্ৰলয়ৰ সৃষ্টি কৰিছিল। জিলা খনৰ নুমলীগড়ত বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছিল যদিও দেওবাৰে পুৱাৰে পৰা বান পৰিস্থিত ক্ৰমান্বয়ে উন্নত হ'ব ধৰিছে। যোৱা ৮ দিনেই ৰাইজে হাহাকাৰ কৰি দিন পাৰ কৰিব লগা হৈছিল। ওখ ঠাই বিচাৰি, অন্ন-বস্ত্ৰ বিচাৰি হাহাকাৰ কৰিব লগা হৈছিল। চৰকাৰে বানপীড়িতক সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন হৈছিল। 

ইমানে নহয় নীপকোৱে এৰা পানীৰ বাবে সম্পূৰ্ণ যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰাখিব লগা হৈছিল। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে তীব্ৰ গতিত পানী বাগৰি থকাত গাড়ী-মটৰৰ চলাচল বন্ধ ৰখা হৈছিল। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ এফালৰ পৰা খহিব ধৰাত আতংকিত হৈ পৰিছিল ৰাইজ। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে খহাই নিছিল ঘাইপথৰ পকী দলঙৰ এটা অংশ।

ফলত ১ আগষ্টৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথতৰ গোলাঘাট জিলাৰ বানৰ কৱলত পৰা অংশত প্ৰশাসনে যান-বাহনৰ চলাচল বন্ধ কৰিছিল। তাৰ মাজতে সোমবাৰে পুনৰ নীপকোৱে পানী এৰি দিব বুলি খবৰ প্ৰচাৰ হোৱাত আতংকৰ সৃষ্টি হয় আৰু কৃষত নেতা অখিল গগৈয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে নীপকো কৰ্তৃপক্ষ, গোলাঘাট প্ৰশাসন আৰু অসম চৰকাৰক। 

নীপকোৱে এৰা পানীৰ ফলত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়াৰ লগতে নীপকোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। অখিল গগৈয়ে পুনৰ নীপকোক পানী এৰি নিদিবলৈ সকিয়াই দিয়ে। অসমৰ সহজ সৰল লোকৰ সৈতে খেলি কৰিব নালাগে বুলি কৈ যিসকলে বানপীড়িতই সকলো হেৰুৱালে তেওঁলোকক পুনৰ সংস্থাপন কৰাৰ দাবী জনায়। গোলাঘাটত সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিৰ বাবে নীপকোক জগৰীয়া বুলি কয় গগৈয়ে।

আনহাতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই চৰকাৰৰ বিধায়ক হৈ বান ক্ষতিগ্ৰস্তৰ বাবে একো কৰিব নোৱাৰিলে বুলি কৈ তেওঁৰ ভূমিকাক অখিল গগৈয়ে সমালোচনা কৰে। নীপকোৱে পানী এৰাৰ কথা গোলাঘাট জিলা প্ৰশাসনে পূৰ্বেই অৱগত আছিল বুলি কৈ যোৱা ১৭ জুলাইত বৈঠক অনুষ্ঠিত হৈছিল বুলি কয় অখিল গগৈয়ে।

গোলাঘাট জিলাৰ নুমলীগড়ৰ লুৰুকিহাত, দুখুটিমুখ, ঢুলীয়া গাঁও, চেঁচামুখ, মিঠাআম, ৰংদৈ অঞ্চলৰ ৰাইজ বানৰ কৱলত পৰিছিল যদিও কেইবাটাও এলেকা এতিয়াও জলবন্দী হৈ আছে।