এনআৰচিৰ খচৰাৰ পৰা বাদ পৰিল খিলঞ্জীয়া গৰিয়াৰ নাম, গৰিয়া-মৰিয়া যুৱ-ছাত্রৰ স্মাৰক মুখ্যমন্ত্রীক

newsnextone.com | তামুলপুৰঃ এনআৰচিৰ দ্বিতীয় খচৰাৰ পৰা গৰিয়া জনগোষ্ঠীৰ লোকৰ নাম বাদ পৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰিয়া মৰিয়া যুৱ-ছাত্র পৰিষদে।

সদৌ অসম গৰিয়া মৰিয়া যুৱ-ছাত্র পৰিষদ আৰু বাক্সা  জিলা সমিতিয়ে বাক্সা জিলাৰ ৭০ শতাংশ খিলঞ্জীয়া গৰিয়ালোকৰ নাম বাদ পৰা বুলি কৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। 

সংগঠনটোৱে এনআৰচিৰ দ্বিতীয় খচৰাত জিলা খনৰ মুঠ ৭০ শতাংশ খিলঞ্জীয়া পৰিয়ালৰ লোক বাদ পৰা বুলি কৈ বাক্সা জিলাৰ বৰকাজুলি, কুমাৰীকাটা, গড়ভিতৰ, কাউৰবাহা, ধূলাবড়ি, গোৰেশ্বৰ, ভেৰভেৰি অাদি অঞ্চলৰ বহু গৰিয়া পৰিয়ালৰ এনআৰচিৰ তালিকাক নাম নাই বুলি কয়।

পৰিয়াল সমূহ এশ শতাংশ গৰিয়া-মৰিয়া জনগোষ্ঠীৰ খিলঞ্জীয়া পৰিয়াল বুলি দাবী কৰি ইয়াতে জন্ম গ্ৰহণ কৰি ইয়াৰে বায়ু পানী সেৱন কৰি ইয়াতে দাঙৰ দীঘল হোৱা বুলি কয়। পৰিয়ালসমূহৰ ১৯৫১ চনৰ নথি পত্ৰ থকাৰ পিছতো এনআৰচিৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ গাফিলতিৰ বাবে এনআৰচিৰপৰা দুৰ্ভাগ্যজনক ভাৱে নাম বাদ পৰিছে বুলি কয়। 

বিপৰীতে বহু বিদেশী লোকৰ নাম এনআৰচিৰ খচৰাত সন্নিবিষ্ট হৈছে। গৰিয়া-মৰিয়া লোকসকলৰ ইতিহাস নাথ, যোগী, কলিতা, কোচ, কেওট, কৈৱৰ্ত, মালী, মৰণ-মটক, আহোম, ৰাভা, মিচিং, আদি বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈ সংমিশ্ৰণৰ ফলত উদ্ভৱ হোৱা জনগোষ্ঠী গৰিয়া-মৰিয়া জনগোষ্ঠী। 

পূৰ্বপুৰুষসকলৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া, অসমৰ অস্তিত্ব ৰক্ষা আন্দোলন, ভাষা আন্দোলন, স্বাধীনতা আন্দোলন, অসম আন্দোলনকে ধৰি বিভিন্ন ক্ষেত্ৰত  উল্লেখযোগ্য অৱদান আছে। ইমানৰ পিছতো যদি এই লোক সকল উপেক্ষিত হয় অথবা বিদেশী বুলি হাৰাশাস্তিৰ সন্মুখীন হয় ইয়াতকৈ আৰু দুখ লগা বিষয় একো হ'ব নোৱাৰে বুলি উল্লেখ কৰি এন আৰ চিৰ সকলো বিসংগতি দূৰ কৰি শীঘ্ৰে খিলঞ্জীয়া পৰিয়ালসমূহৰ নাম এনআৰচিৰ তালিকাত অন্তভুৰ্ক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সদৌ অসম গৰিয়া মৰিয়া যুৱ-ছাত্র পৰিষদে।