হাফিজ বছিৰ আহমেদ কাছেমীৰ সমষ্টিত ভাৰ বান্ধি হস্পিতালত নিব লগা হয় ৰোগীক

newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ পশ্চিম বিধান সভা সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত শগুনমাৰী গাঁও পঞ্চায়তত ৰাইজে দলঙৰ অভাৱত বাৰিষা-শৰালি ভীষণ সমস্যাত পৰে। চাৰিচকীয়া বাহনটো দূৰৰ কথা বাইক-চাইকেল চলাব নোৱাৰে অঞ্চলটোৰ লােকসকলে৷ কোনো লোকৰ সাধাৰণ ৰোগ এটা হ'লে কান্ধত তুলি হস্পিতালত নিব লগা হয় ৰোগীক৷

কেন্দ্ৰ-ৰাজ্য চৰকাৰে বছৰি কোটি কোটি টকা ৰাজ্য চৰকাৰক উন্নয়নৰ বাবে দি আহিছে যদিও উন্নয়নৰ নামত এখন ওলোটা ছবিহে দেখা যায় ধুবুৰী জিলাৰ পশ্চিম বিধান সভা সমষ্টিৰ সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত শগুনমাৰী গাঁও পঞ্চায়তত ৷ উন্নয়নৰ বাবে দিয়া কোটি কোটি টকাৰে উন্নয়ন কৰিব নোৱাৰাত ৰাইজে হাহাকাৰ কৰিব লগা হয়।

শগুনমাৰী গাঁও পঞ্চায়তত ৰাস্তা-ঘাট, পথ-দলং, বিশুদ্ধ খোৱাপানী যোগান, জলসিঞ্চনৰ ব্যৱস্থা, শিক্ষা, স্বাস্থ্য আদিৰ উন্নয়ন  হোৱা নাই বুলি অভিযোগ উত্থাপন কৰি আহিছে৷ স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীয়ে সময়ে সময়ে তেওঁৰ সমষ্টিৰ উন্নয়ন হৈছে বুলি দাবী কৰে যদিও দুখন দলঙে উদঙাইছে উন্নয়নৰ প্ৰকৃত স্বৰূপটো৷ 

শগুনমাৰী গাঁও পঞ্চায়তৰ প্ৰধান পথত দলং দুখন নথকাৰ বাবে যোৱা বিশ বছৰে ধৰি এটি বৃহৎ অঞ্চলৰ লোকে বিপদসংকুল ভাবে দুডাল লোৰ ওপৰেৰে খোজ কাঢ়িব লগা হয়৷ নিতৌ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, শিক্ষক, ব্যৱসায়ী, চাকৰিয়ালে এনে পৰিৱেশত আহ-যাহ কৰাৰ ফলত দুৰ্ঘটনাত পতিত হ'ব লগা হয়।

স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীৰ নিজ গাঁৱৰ সমীপৰ শগুনমাৰী গাঁও পঞ্চায়ত অঞ্চলত দুখন দলঙৰ বাবে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে। স্থানীয় বিধায়ক গৰাকীয়ে দলং দুখন নিৰ্মাণৰ ব্যৱস্থা নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে। তিনিবাৰকৈ সমষ্টিটোৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ সমষ্টি উন্নয়নৰ নামত অহা টকা লুটি-পুটি খোৱাৰহে অভিযোগ উত্থাপন হৈছে।