
newsnextone.com | ৰঙিয়াঃ প্ৰধানমন্ত্ৰী গ্ৰাম স্বৰাজ যোজনাৰ অধীনত অসমৰ বিভিন্ন ঠাইত আৰম্ভ হোৱা পথ সমূহত অসম চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিছে । পূৰ্বতে পথ সমূহ বিতুমিন নতুবা বিতুমেক্সৰে নিৰ্মাণ কৰিছিল যদিও বৰ্তমান অসম চৰকাৰে পথ সমূহ দীৰ্ঘম্যাদী হোৱাৰ বাবে প্ৰেভাৰ ব্লকৰে নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ।
এনে সময়তে ৰাজ্যৰ প্ৰায়বিৰ ঠাইৰ ব্যৱসায়ী যুৱকসকলে এক নতুন চিন্তাৰ অৱতাৰনা কৰি এক প্ৰকাৰ ৰাজ্য চৰকাৰে পথ নিৰ্মাণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত সহায়ক হোৱাকৈ প্ৰেভাৰ ব্লক নিৰ্মাণৰ উদ্যোগ সমুহৰ ফালে মনোনিবেশ কৰা পৰিলক্ষিত হৈছে । ৰঙিয়া ভাতকুছিত স্থানীয় উদীয়মান যুৱক ৰেকিৱ আহমেদে আৰম্ভ কৰা এ আৰ প্ৰেভাৰ ব্লক উদ্যোগ এটাৰ শুভ আৰম্ভনি কৰি ৰঙিয়াৰ মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈয়ে এনেদৰে কয়।
মহকুমাধিপতি গৰাকীয়ে আৰু কয় যে প্ৰেভাৰ ব্লকৰে পথ নিৰ্মাণৰ ক্ষেত্ৰত ইতিমধ্যে গড়কাপ্তানি বিভাগে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে বিশেষকৈ অসমীয়া যুৱক সকলে প্ৰেভাৰ ব্লক নিৰ্মাণৰ উদ্যোগ সমুহলৈ মনোনিবেশ কৰা দেখা গৈছে। ই এক অসমৰ বাবে সম্পূৰ্ণ ইতিবাচক দিশ বুলি বিষয়া গৰাকীয়ে উল্লেখ কৰে।
প্ৰেভাৰ ব্লক উদ্যোগটোৰ শুভ আৰম্ভনিৰ আগতে উক্ত স্থানতে ৰঙিয়াৰ সচেতন যুৱক নুৰুল আমিনে পৰিচালনা কৰা সভা এখনত কেইটামান গুৰুত্বপুৰ্ণ দিশ উল্লেখ কৰি মহকুমাধিপতি গৰাকীয়ে কয় যে। অসমৰ শিক্ষিত যুৱক-যুৱতী সকলে চৰকাৰী চাকৰিৰ আশা বাদ দি বেঙ্কৰ সহায়লৈ এনেদৰে উদ্যোগ সমূহ স্থাপন কৰাত মনোনিবেশ কৰিলে এক প্ৰকাৰ নিজেও স্বাৱলম্বী হোৱাৰ উপৰিও উদ্যোগটোৰ লগত জড়িত কমেও দুশ গৰাকী যুৱক যুৱতীয়ে কৰ্ম সংস্থাপনৰ সুবিধা পাব বুলি বিষয়া গৰাকীয়ে নিজৰ ব্যক্তব্যৰ মাজেৰে উল্লেখ কৰে।
আনহাতে, সভাত উপস্থিত থকা ভাৰতীয় ষ্টেত বেঙ্কৰ সহঃ প্ৰৱন্ধক সুৰভী ভট্টাচাৰ্জীয়ে সভাখনত তেওঁৰ ভাষণত ভাৰতীয় ষ্টেট বেংকে লঘু উদ্যোগ সমূহত কি ধৰণে সহায় কৰিছে সেই বিষয়ে কয়। বেংকৰ ঋণ লৈ কেনেধৰণৰ সচেতনতা অবলম্বন কৰি সফল ব্যৱসায়ী হব পাৰি তাৰ বিষয়ে বহলাই বাখ্যা কৰে বিষয়া গৰাকীয়ে।
সভাত ভাৰতীয় ষ্টেট বেংকৰ বিষয়া দিগন্ত গোস্বামী, অসম চৰকাৰৰ উদ্যোগ বিভাগৰ বিষয়া ৰফিজুল হুছেইন, দেৱেন কলিতাৰ লগতে কেইবাজনো স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাখনত ৰঙিয়াৰ উদিয়মান যুৱক তথা সমাজকৰ্মী অমৰ শৰ্মায়ো গুৰুত্ব পুৰ্ণ দিশ কেইতামান আঙুলিয়াই দিয়ে। সভাৰ অন্তত ৰঙিয়াৰ মহকুমাধিপতি গৰাকীয়ে আনুষ্ঠানিক ভাবে উদ্যোগটোৰ শুভ উদ্বোধন কৰে ।