তেজপুৰ বালিপৰাত ইৰাণী গ্ৰুপ সদস্য অাটক, খেদি খেদি ৰাইজে কৰিলে আটক

newsnextone.com | তেজপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া আতংকই বিৰাজ কৰিছে আন এক ৰূপেৰে। ৰাজ্যৰ বাহিৰৰ পৰা অহা চোৰ-ডকাইটি, ঠগ-প্ৰৱঞ্চকৰ ইৰাণী নামৰ এটা গ্ৰুপে এতিয়া দিন দুপৰতে সাধাৰণ নাগৰিকৰ হাতৰ পৰা ধনৰ বেগ কাঢ়ি নি আতংক চলোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ কেইবাটাও অঞ্চলত এতিয়া  সক্ৰিয় হৈ পৰিছে ইৰাণী গ্ৰুপৰ সু-প্ৰশিক্ষিত সদস্য।

শেহতীয়াকৈ এইবাৰ ইৰাণী গ্ৰুপৰ আতংক নামিছে শোণিতপুৰ জিলাতো। শোনিতপুৰ জিলাৰ বালিপৰাত  শুকুৰবাৰে নাগৰিকৰ হাতৰ পৰা টকাৰ বেগ কাঢ়ি নিয়াৰ চেষ্টা কৰি আটক হয় এজন ইৰাণেী গ্ৰুপৰ সদস্য। টকা লুট কৰিব লওতেই অাটক ইৰাণী গ্ৰুপৰ এজন সদস্য। 

জানিব পৰা মতে, বালিপৰাৰ অজিত ৰায় নামৰ এজন ব্যক্তিয়ে ষ্টেট বেঙ্কৰ পৰা  ১৫ হাজাৰ টকা উলিয়াই হাৰ্ডৱেৰ দোকানত কিবা কিনিবলৈ লৈ হাতৰ বেগটো দোকানখনৰ টেবুলত থওতেই  এজন ব্যক্তিয়ে টকাৰ বেগটো লুট কৰি পলায় যাবলৈ চেষ্টা কৰে। কিন্তু স্থানীয় ৰাইজে লোতজনক এনে কৰা প্ৰত্যক্ষ কৰি খেদি খেদি লোকজনক অাটক কৰি চাৰিদুৱাৰ অাৰক্ষীক গটায় দিয়ে। 

লোকজন কোচবিহাৰৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, কিছুদিন ধৰি বালিপৰাত বিভিন্ন সময়ত ইৰাণী গ্ৰুপৰ সদস্যৰ কবলত পৰি বহু লোকে টকা হেৰুৱাব লগীয়াত পৰাৰ পিচতো অাৰক্ষীয়ে এই ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে বালিপৰানিবাসী ৰাইজে।