হাতীৰ গচকত মহিলাৰ মৃত্যু

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বিশমূৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত দলগুৰীৰ লুংচুঙত যোৱা নিশা বনৰীয়া হাতীৰ গচকৰ ফলত এগৰাকী বিবাহিতা মহিলা মৃত্যমুখত পৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হাতীৰ গচকত মৃত্যু হোৱা মহিলা গৰাকীক পিলি কিস্কু (২০) বুলি জনা গৈছে৷ 

আৰক্ষীয়ে জানিবলৈ দিয়া মতে  লুংচুঙৰ বাসিন্দা বিষ্ণু হাসদা নামৰ ব্যক্তি গৰাকীৰ পত্নী পিলি কিস্কুয়ে নিশা ভাতপানী খাই শুই পৰিছিল৷ কিন্তু মাজনিশা প্ৰায় এক বজাত বনৰীয়া হাতীৰ জাক এটাই পিলি কিস্কুয়ে শুই থকা ঘৰৰ বেৰ ভাঙি তচনচ কৰিবলৈ ধৰে।

সেই মূহুৰ্ততে পিলি কিস্কু নামৰ মহিলা গৰাকীয়ে নিজৰ জীৱন বচাবলৈ নিশাৰ এন্ধাৰত পলাবলৈ চেষ্টা চলায় যদিও হাতীৰ জাকটোৱে মহিলাগৰাকীক গচকি হত্যা কৰে৷ নিহত মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ 

আনহাতে জিলাখনৰ বালাগাওঁত কালি ৰবিন মুৰ্মু নামৰ ব্যক্তি এগৰাকী বজ্ৰ পৰি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ কালি পুৱা ৯ বজাত মূষলধাৰ বৰষুণৰ মাজতে বজ্ৰ পৰাত ৰবিন মুৰ্মু থিতাতে নিহত হোৱা বুলি আৰক্ষীয়ে সদৰী কৰিছে।