
newsnextone.com । যোৰহাটঃ
"আজি পুৱাতে পৰিবাৰে ছোৱালীৰ বাবে টিফিন বনাবলৈ লওঁতে পোহৰলৈ আহিল বিষয়টো ।দেওবৰীয়া বজাৰ কৰিবলৈ গৈ কালি যোৰহাট জে বি ৰোডৰ এজন অনা-অসমীয়া ব্যৱসায়ীৰ পৰা ২২ টকা দৰত তিনি কিল'গ্ৰাম আলু কিনিছিলো। সুন্দৰ নিপোটল আলু। কিন্তু পুৱা পৰিবাৰে ইয়াৰে এটা আলু কাটোতে দেখিলে ভিতৰটো কলা পৰা। দ্বিতীয়টো কাটোতে দ্বিতীয় টো ভিতৰটো কলা পৰা। তাৰ পিছত তিনি কে জি আলুৰ গোটেই খিনিয়েই কটাত দেখা গ'ল - প্ৰতিটোৰে ভিতৰটো কলা পৰা আৰু আলু বোৰৰ ভিতৰৰ পৰা ওলাইছে উৎকট গোন্ধ ।"
যোৰহাট কে ধৰি উজনিৰ আলুৰ বজাৰ খন এতিয়াও অনা - অসমীয়া বনিয়াৰ দখলতে আছে। ছমাহৰ পূৰ্বে বহি ৰাজ্যৰ পৰা কম মূল্যত আনি ক'ল্ড ষ্টৰেজত মজুত ৰখা আলুকে এতিয়া বজাৰ লৈ উলিয়াই দিছে এই সকল ব্যৱসায়ীয়ে।
ক'ল্ড ষ্টৰেজত আলু নেগেলিবৰ বাবেই আলুবোৰৰ ওপৰত প্ৰচুৰ পৰিমাণে ঔষধ ছটিওৱা হয়। যাৰ বাবে বজাৰলৈ উলিয়াই দিয়াৰ পাছতে আলুৱে এনে ভিন্ন ৰূপ লয় আৰু এনে আলুকে আমি দৈনন্দিন খাদ্যৰ তালিকাত স্হান দি নিতৌ বৰ বিহ খাই আহিছো।
যাৰ ফলশ্ৰুতিত আমিবোৰ পেট বিষকে ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছো।
সেয়েহে বজাৰত বিক্ৰীৰ পূৰ্বে আলুৰো মান নিৰূপণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। বিষয়টো জিলা প্ৰশাসন আৰু যোগান বিভাগৰ দৃষ্টি গোচৰ কৰিলোঁ।