ঠেলামৰাত এনআৰচি কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্ম বিৰতি ঘোষণা

nesnextone.com | ঢেকীয়াজুলিঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ বাবে দেহে কেহে খাটি থকা "ডাটা এন্ট্ৰি অপাৰেটৰ" সকলে এইবাৰ প্ৰাপ্য পাৰিতোষিক নোপোৱাৰ বাবেই মঙলবাৰৰ পৰা কৰ্মবিৰতি ঘোষণা কৰিছে৷ শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহচক্ৰৰ অন্তৰ্গত এনআৰচি সেৱা কেন্দ্ৰ সমূহত কৰ্মৰত এই সকল কৰ্মচাৰীয়ে মঙলবাৰে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা এক পত্ৰৰ জৰিয়তে এই কথা স্পষ্ট কৰি দিছে৷ তেওঁলোকে জানিবলৈ দিয়া মতে পুৱা ৯ বজাৰ পৰা ওৰে দিনটো বাদেই কেতিয়াবা নিশা ৯-১০ বজা পৰ্য্যন্ত কাম কৰিবলগীয়া হয়৷ 

এগৰাকী কৰ্মচাৰীয়ে ক্ষোভেৰে জনায়, "এই কামৰ বিনিময়ত আমি মাহেকত পাৰিতোষিক হিচাপে লাভ কৰোঁ  মাত্ৰ ৭৫০০ টকা। পিচে এই সামান্য টকা কেইটাও যদি আমি মাহেকৰ মূৰত সঠিক ভাবে লাভ নকৰোঁ তেনেহ’লে আমি কেনেকৈ জীৱন ধাৰণ কৰিম৷" 

উল্লেখ্য যে এনআৰচিত কৰ্মৰত এইসকল যুৱ কৰ্মচাৰীয়ে বিগত দুমাহ ধৰি তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে৷ মঙলবাৰে ঠেলামৰা ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে কৰ্মচাৰীসকলে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰখনত তেওঁলোকৰ প্ৰাপ্য মজুৰি সমূহ অতি শীঘ্ৰে মোকলাই দিবলৈ দাবী জনোয়। অন্যথা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি অব্যাহত ৰখা হ’ব বুলিও হুংকাৰ দিয়ে৷