প্ৰকৃত ভাৰতীয় বাঙালীৰ নাম NRCৰ পৰা বাদ পৰাটো সহ্য নকৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে

newsnextone.com | তামুলপুৰঃ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ যৌথ উদ্যোগত মঙলবাৰে তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত হয়। বাক্সা জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি অধীৰ আৰ্য্যই সংবাদ মেলখন সম্বোধি কয় যে বাক্সা জিলাৰ এনআৰচি সেৱা কেন্দ্ৰ সমূহত যথেষ্ট পৰিমাণে বিসংগতি দেখা গৈছে। 

এনআৰচিৰ লগত জড়িত একাংশ বিষয়া-কৰ্মচাৰীৰ হেমাহি আৰু ভুলৰ বাবেই উদ্ভৱ হৈছে বিসংগতিৰ। যাৰ ফল ভোগ কৰিব লগা হৈছে বহু প্ৰকৃত ভাৰতীয় নাগৰিকে।বাক্সা জিলাৰ বাঙালী জনগোষ্ঠীৰ লোকসকলৰ উপযুক্ত আৰু বৈধ নথি পত্ৰ থকাৰ পিছতো এনআৰচিৰ দ্বিতীয় খচৰাত বাক্সা জিলাত বহু বাঙালী লোকৰ নাম বাদ পৰিছে। কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা বাদ পৰা কাৰ্য্য কেতিয়াও সহ্য কৰা নহ'ব বুলি অধীৰ আৰ্য্যই হুংকাৰ দিয়ে। 

সংবাদ মেলত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি নিখিল দে'ই কয় যে ১৯৬৪ চনৰ মাটিৰ দলিল দাখিল কৰাৰ পিছতো এনআৰচি কৰ্তৃপক্ষই অবৈধ ঘোষণা কৰিছে। নিখিল দে'ই অভিযোগ কৰি কয় যে এনে নথি অগ্ৰাহ্য কৰি এনআৰচি কৰ্তৃপক্ষই দৰাচলতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰিছে।তেওঁ পুনৰ কয়, অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগৰে পৰা অসমত বসবাস কৰা জাতি-ধৰ্ম-বৰ্ণ-ভাষা নির্বিশেষে প্ৰতি গৰাকী লোকেই প্ৰকৃত ভাৰতীয় নাগৰিক।কিন্তু ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগৰ বৈধ নথি-পত্ৰ দাখিল কৰাৰ পিছতো বহু লোকৰ নাম এনআৰচিৰ দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত নকৰি অসম চুক্তিকো অৱমাননা কৰিছে।

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে অসম চুক্তিক সন্মান কৰি অহা বুলি উল্লেখ কৰি অসম চুক্তিৰ আধাৰত সম্পূৰ্ণ নিকা আৰু স্বচ্ছ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এখন প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰে নিখিল দে'ই।প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নহলে অসমত উদ্ভৱ হব পৰা যিকোনো অশান্তিকৰ পৰিস্থিতিৰ বাবে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু এনআৰচি কৰ্তৃপক্ষই দায়ী হব বুলি নিখিল দে'ই সংবাদ মেলযোগে সকীয়াই দিয়ে।

সংবাদ মেলখনত উপস্থিত থাকি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি সুশীল দাসে কয় যে এনআৰচিত দেখা দিয়া বিসংগতিয়ে বাঙালী লোক সকলৰ মাজত হতাশাগ্ৰস্থ পৰিবেশৰ সৃষ্টি কৰিছে। 

বিশেষকৈ বাক্সা জিলাতেই অধিক সংখ্যক বাঙালী লোকৰ নাম এনআৰচিৰ দ্বিতীয় খচৰাত বাদ পৰিছে।অথচ সেই সকল বাঙালী লোকে বৈধ নথি-পত্ৰ জমা দিছে।সেয়েহে প্ৰকৃত ভাৰতীয় বাঙালী সম্প্ৰদায়ৰ লোকসকলৰ নাম বৈধ নথি-পত্ৰৰ ভিত্তিত এনআৰচিত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে সুশীল দাসে।

সংবাদ মেলত বাক্সা জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কাৰ্যকৰী সভাপতি হৰেন দাস, সম্পাদক পৰিমল শীল, সদৌ বিটিচি ক্ষেত্ৰীয় সমিতিৰ উপ-সভাপতি পল্টন সৰকাৰ আদিকে ধৰি বাক্সা জিলাৰ সকলো আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে দুই শতাধিক ছাত্ৰ নেতা-কৰ্মী উপস্থিত থাকে।