প্ৰেমৰ অভিনয়ৰে যুৱতীক যৌন নিৰ্যাতন যুৱকৰ

newsnextone.com | খেৰণিঃ মোবাইল ফোন ব্যৱহাৰ কৰিব জানিলে ই সঁচাকৈ সুবিধাজনক আৰু ব্যৱহাৰ কৰিব নাজানিলে হব পাৰে মৰণফান্দ।বৰ্তমান সময়ত মোবাইল ফোনত প্ৰেম হোৱাটো কোনো নতুন কথা নহয়।এনে বহু কাহিনী পূৰ্বতেও ঘটিছে।মোৱাইল ফোনে বহুতৰ সংসাৰ পাতিছেও আৰু বহুতক প্ৰেমৰ জালেৰে হাবু-ডুবু খোৱাইছে।হয়,তাৰে প্ৰতীয়মান হল পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত মাইলু অঞ্চলৰ এগৰাকী কিশোৰীৰ ক্ষেত্ৰত।ঘটনা বিৱৰণি মতে, এগৰাকী কিশোৰী যুৱতীয়ে মোবাইল ফোনৰ জৰিয়তে চিনাকি হল এগৰাকী যুৱকৰ সৈতে।যুৱকজনে  নিজকে লংকাৰ পাঞ্জাৱ বস্তিৰ ৰাহুল বিশ্বাস বুলি পৰিচয় দিয়ে।

 প্ৰায় এমাহ ধৰি ফোনতে কথা পতাৰ পাছত যুৱকজনে কিশোৰীগৰাকীক বিবাহৰ প্ৰস্তাৱ দিয়ে ।২২ জুলাইত লম্পট যুৱকজনে পলুৱাই নিয়ে কিশোৰীগৰাকীক আৰু ৬ দিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ পিছত ২৮ জুলাইৰ নিশা পুনৰ কিশোৰীজনীক মাইলু অঞ্চলত আনি এঠাইত পেলাই থৈ পলায়ন কৰে।মোবাইল ফোনেই যেন কাল হল এইগৰাকী কিশোৰীৰ।কেৱল ইমানে নহয়,অসৎ চৰিত্ৰৰ যুৱকজনে কিশোৰীজনীৰ অশ্লীল ফটো চচিয়েল মেডিয়াত আপলোড কৰিছে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।পিছত কিশোৰীগৰাকীৰ অভিভাৱকে লম্পট যুৱকজনৰ বিৰুদ্ধে মাইলু উপ-আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।

 ইতিমধ্যে মাইলু উপ-আৰক্ষী চকীৰ আৰক্ষীয়ে যুৱকজনক আটক কৰিছে।আৰক্ষীয়ে লম্পট যুৱকজনক আটক কৰাৰ পাছতহে পোহৰলৈ আহিছে লম্পদ যুৱকজন প্ৰকৃত ৰহস্য।নিজকে ৰাহুল বিশ্বাস বুলি চিনাকী দিয়া যুৱকজন প্ৰকৃততে এগৰাকী মুছলিম সপ্ৰদায়ৰ যুৱক।সম্প্ৰতি ৰঙা ঘৰৰ আলহী নিজকে হিন্দু বুলি পৰিচয় দিয়া লম্পদ যুৱক।এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ মাইলু অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বঙ্গালী সমাজৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অজয় দাসে ঘটনাটো সন্দৰ্ভত গৰিহণা দিয়াৰ লগতে লম্পদ যুৱকজনৰ বিৰুদ্ধে কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে।