নিৰ্বাচনৰ পূৰ্বে কঠোৰ কংগ্ৰেছী হাই কামাণ্ড, প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে কৰিব নোৱাৰিব বিৰোধী প্ৰাৰ্থীক আক্ৰমণ

newsnextone.com | ডিব্ৰুগড়: মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ পৰাই আগন্তক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনলৈ ৰণশিঙা কংগ্ৰেছৰ। ৰাজ্যিক কাৰ্য নিৰ্বাহকৰ পাছত প্ৰথমবাৰৰ বাবে বৃহৎ সাংগঠনিক সভা ডিব্ৰুগড়ত। সভালৈ আহিব নিখিল ভাৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱতকে ধৰি কংগ্ৰেছৰ বহু ৰথী মহাৰথী। 

নিখিল ভাৰত কংগ্ৰেছৰ নিৰ্দেশত এপিচিচিৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তণ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বিশেষ তত্ত্বাবধানত ২৯ আগষ্টত ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া সভাখনে বিশেষ গুৰুত্ব লাভ কৰাৰ লগতে ৰাজনৈতিক মহলত সৰৱ চৰ্চিত হৈছে। 

ৰাজ্যত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী আৰু টিকটৰ দাবীদাৰৰ নাম প্ৰকাশৰ পাছতেই স্বাভাৱিকতেই বিশেষ গুৰুত্ব বহন কৰিছে এই সভাখনে। জানিব পৰা মতে, প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলে হাই কামাণ্ডৰ নিৰ্দেশত সমষ্টিত সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ লগতে আঁতৰি থাকিব লাগিব দলীয় বিসম্বাদৰ পৰাও। 

ইফালে, ৰাজ্যত কংগ্ৰেছৰ মাজত সমষ্টিয়ে সমষ্টিয়ে লবী কেন্দ্ৰীক আৰু বিসম্বাদৰ ৰাজনীতি চলি থকাত কঠোৰ হৈছে কংগ্ৰেছী হাই কামাণ্ড। হাই কামাণ্ডৰ নিৰ্দেশ অনুসৰি এইবাৰ কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে আন প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে বিৰোধী মন্তব্য প্ৰদান কৰিব নোৱাৰিব। 

লক্ষ্যনীয় যে, ডিব্ৰুগড়ত বিসম্বাদৰ হোতা পৱন সিং ঘাটোৱাৰৰ পৰা আৰম্ভ হৈছে লবী কেন্দ্ৰীক ৰাজনীতিৰ। বিগত কেইবাটাও কাৰ্যকালৰ সাংসদ ঘাটোৱাৰৰ বিপৰীতে প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰ আৰু প্ৰাক্তন বনমন্ত্ৰী এটোৱা মুণ্ডাই প্ৰাৰ্থিত্ব বিচৰাত পৃথকে পৃথকে উত্তপ্ত হৈ উঠিছে লবী কেন্দ্ৰীক ৰাজনীতি। 

কংগ্ৰেছৰ অসমৰ পৰ্যবেক্ষকৰ দায়িত্বত থকা হৰিশ ৰাউটে অহা ২৮ আগষ্টত তিনিচুকীয়াৰ দিৰিয়াল চাহ বাগিচালৈ গৈ শ্ৰমিকৰ সৈতে মত বিনিময় কৰি শ্ৰমিকৰ সমস্যাৰ লগতে ৰাজনৈতিক দিশ সন্দৰ্ভত আলোচনা কৰিব। 

আনহাতে, ২৯ আগষ্টত ডিব্ৰুগড় গণেশবাৰী চাহ বাগিচাত সন্ধিয়া ৫ বজাৰ পৰা ৬বজালৈকে শ্ৰমিকৰ সতে এক মতামত অনুষ্ঠানত অংশ গ্ৰহণ কৰিব হৰিশ ৰাউটে।