নলবাৰীত এজনীয়া সদস্যৰ কাৰ্ডত চাউল আহে ৬ জনৰ, গ্ৰাহকক থগাই লুণ্ঠন চলাইছে সুলভ মূল্যৰ এজেন্টে

প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | পশ্চিম নলবাৰীঃ নলবাৰী জিলাৰ বৃহত্তৰ বৰনদ্দী অঞ্চলৰ দক্ষিণ পকোৱা বহুমুখী সমবায় সমিতিৰ অধীনস্থ সুলভ মূল্যৰ দোকানীয়ে চৰকাৰীভাবে বান্ধি দিয়া নিয়মক উলংঘা কৰি গ্ৰাহকক হাৰাহাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। 

অভিযোগ অনুসৰি, সুলভ মূল্য়ৰ দোকানীয়ে বহুকেইখন এপিএল, বিপিএল, কাৰ্ডৰ লগতে মুখ্য়মন্ত্রীৰ অন্ন সুৰক্ষা যোজনা কাৰ্ডৰ কেইবাগৰাকী সদস্যক নিজ খেয়াল খুচি মতে কৰ্তন কৰিছে।

আনহাতে, কৰ্তনৰ তালিকা যোগান বিভাগত দাখিল নকৰি পূৰ্বৰ সদস্যৰ ভিত্তিতে সামগ্ৰী লাভ কৰি আছে। উল্লেখ যে, সুভাষ ডেকা নামৰ দোকানীজনে দীৰ্ঘদিন ধৰি যোগান বিভাগৰ চকুত ধূলি দি অতিৰিক্তভাবে খাদ্য সামগ্ৰী উঠাই আছে। 

যদি কোনোটো পৰিয়ালৰ সদস্য সংখ্যা কাৰ্ডৰ মতে চাৰিজন, তাৰ বিপৰীতে তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে ৭ জন বুলি। গ্ৰাহকৰ অভিযোগ অনুসৰি, সুলভ মূল্যৰ দোকানীজনে এজনীয়া সদস্যৰ কাৰ্ডতো ৬ জনৰ নাম সন্নিবিষ্ট কৰি অতিৰিক্তভাৱে ৰেচন সামগ্ৰী হৰলুকি কৰি আহিছে।

 তেনেদৰে অন্ন সুৰক্ষা, এপিএল আৰু বিপিএল লগ লাগি প্ৰায় ডেৰ শ কাৰ্ড জালিয়তিৰে সুলভ মুল্যৰ দোকান চলাই আছে সুভাষ ডেকা নামৰ দোকানীজনে। পিছত এই কথা সকলোৱে জনাত ক্ষুব্ধ হৈ পৰিছে গ্ৰাহক সকল। গ্ৰাহকসকলে দোকানীজনৰ জালিয়াতিৰ বিষয়ে সমবায় বিভাগক অৱগত কৰি এই সন্ধৰ্ভত উচিত তদন্ত বিছাৰিছে।