বাজপেয়ীৰ অস্থি কলহৰ সৈতে ছেলফি তুলি বিতৰ্কৰ আওঁতাত বিজেপি নেতা

newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অস্থি কলহৰ সৈতে ছেলফি তুলি বিতৰ্কত আওঁতাত বিজেপি নেতা বিজয় আউতাৰ।ঔৰংগাবাদৰ ডেপুটি মেয়ৰ তথা বিজেপি নেতা জনে এনেদৰে বাজপেয়ীৰ অস্থি কলহৰ সৈতে উঠা ফটোখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

জানিবপৰা মতে, বৃহস্পতিবাৰে মুম্বাইৰপৰা বাজপেয়ীৰ অস্থি কলহ আহি পাইছিল ঔৰংগাবাদৰ ওছমানপুৰত।সেই স্থানতেই ডেপুটি মেয়ৰজনে অস্থিকলহৰ সৈতে ছেলফি তোলাত তাত উপস্থিত থকা কোনো লোকে সেই দৃশ্য কেমেৰাত বন্দী কৰি ফেচবুকত আপলোড কৰে।লগে লগে ফেচবুকত বিভিন্নজনে তেওঁক কটু সমালোচনা কৰা পৰিলক্ষিত হৈছে।

অবশ্যে এই পৰ্যম্ত নিশ্চিত হোৱা নাই যে প্ৰকৃততে বিজেপিৰ নেতাজনে বাজপেয়ীৰ অস্থি কলহৰ সৈতে ছেলফি তুলিছিল নে নাই।নে এইয়া অন্য কাৰোবাৰ ষড়যন্ত্ৰ !