বলিউডৰ চিনেমা পৰ্দাত যুটীয়াভাৱে দেখা পাব দুই তাৰকা ঋতিক আৰু টাইগাৰকঃ

ডিজিটেল ডেক্সঃ সংবাদ মাধ্যমে এইকেইদিনত বলিউডৰ জনপ্ৰিয় অভিনেতা ঋতিক ৰৌশন তথা নৱপ্ৰজন্মৰ সকলোৰে প্ৰিয় টাইগাৰ শ্ৰফৰ যুটীয়াক লৈ বিভিন্ন ধৰণৰ খবৰ প্ৰকাশ কৰিছে৷ আগন্তুক চিনেমাৰ বাবে দুয়ো অভিনেতাই যো জা আৰম্ভ কৰিছে৷ যাৰ বাবে তেওঁলোকৰ ফেন্সবোৰেও যুটীয়াভাৱে দেখা পাবলৈ অধিৰ আগ্ৰহেৰে বাট চাইছে৷ 

আনফালে জানিব পৰা সূত্ৰে দুয়োজনেই একেলগে কাম কৰিবলৈ সুবিধা পোৱাৰ বাবে উৎকন্ঠা প্ৰকাশ কৰিছে৷ সাম্প্ৰতিক সময়ত টাইগাৰ শ্ৰফে নিজৰ আৰু ঋতিকৰ ফটো প্ৰকাশ কৰি চিনেমা কৰিবলৈ আগ্ৰহীত হোৱা প্ৰমাণ দিছে৷ দৰাচলতে টাইগাৰে ছবিখনৰ বাবে ৫ চেপ্তেম্বৰৰ পৰা শ্বুটিংৰ কামৰ বাবে ব্যস্ত হ’ব৷ আনহাতে ঋতিকে অহা মাহত ইটালীত শ্বুটিংৰ কাম আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে৷ ছবিখনত দেখিবলৈ পোৱা যাব এক্সনৰ চিকুৱেন্স৷ য’ত টাইগাৰে এক্সনৰ দ্বাৰাই আৰম্ভণিৰ ভুমুকি মাৰিব ছবিখনত৷ 

এই ছবিখনত ঋতিকৰ বিপৰীতে ‘ৱেফিকৰে’ ৰ অভিনেত্ৰী বাণী কাপুৰক দেখা যাব৷ এক্সনৰ ওপৰত প্ৰাধান্য দিয়া ইন্টাৰনেছ’নেল এক্সন ক’ৰিঅ’গ্ৰাফাৰ এণ্ডী আৰু আৰ্মষ্ট্ৰাংগক ছবিখনৰ বাবে স্বাক্ষৰ লোৱা হৈছে৷ চিনেমাৰ পৰ্দাত যুটীয়াভাৱে দেখিবলৈ পোৱা দুয়ো অভিনেতাই কিমান পাৰদৰ্শিতা দেখুওবাৱ পাৰে তাৰ বাবে অপেক্ষা মাথোন৷