
newsnextone.com | ডিফুঃ মঙলবাৰে নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত কাৰ্বি আংলং জিলাৰ বৰলাংফাৰ নদীৰ বাঢ়নী পানীয়ে নিশা সংহাৰী ৰূপ ধাৰণ কৰে। নিশা দুই বজাত অহা বানে ত্ৰিশ বছৰৰ পিছত বৰলাংফাৰৰ সাতখন গাঁও বিধস্ত কৰে৷
ইফালে বাঢ়নী পানীয়ে উটুৱাই নিয়া শংকৰ দাস নামৰ লোকজনৰ মৃতদেহ আজি দুপৰীয়া ৰাইজে উদ্ধাৰ কৰে৷ আনহাতে মৃতদেহ উদ্ধাৰৰ সময়ত আৰক্ষীৰ ভূমিকাক সমালোচনা কৰিছে স্থানীয় ৰাইজে৷
কৃষিপ্ৰধান এলেকাটোৰ বৰলাংফাৰ বজাৰ, ৰামকৃপাল বস্তি, নদীপাৰ দেচুৱালী বস্তি, গোলাই বস্তি, পুলিয়া বস্তি, বংৰাও বস্তি আৰু পানবাগানৰ কৃষকৰ শ শ বিঘা মাটিৰ খেতি নষ্ট হোৱাৰ লগতে পশুধনৰ মৃত্যু হয়৷ বহু গৰু ছাগলী নিশাৰ বানে উতুৱাই নিয়ে। স্থানীয় ৰাইজৰ বহুতে ঘৰ-বাৰী হেৰুৱাই এতিয়া বৰলাংফাৰ বজাৰত আশ্ৰয় লৈছে৷ স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত বানৰ সংহাৰৰ বিষয়ে ব্যক্ত কৰি এনে বান ত্ৰিশ বছৰৰ পিছত দেখা বুলি কয়৷