তেজপুৰ মহাবিদ্যালয়ত গুৰু সম্বৰ্ধনা অনুষ্ঠান

newsnextone.com। তেজপুৰঃ বৈকুণ্ঠৰ বাণীৰে মুখৰিত হ'ল তেজপুৰ মহাবিদ্যালয়ৰ গুৰু সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানতে শিক্ষক সকলক নৈতিক জ্ঞানৰ কথা কলে সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে। সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সহিষ্ণুতা,উদাৰতা,ত্যাগ আমি গ্ৰহণ কৰি চলিলে শিক্ষা ব্যৱস্থাত দেখা দিয়া পঁয়ালগা অৱস্থা আঁতৰ হব।

তেজপুৰ মহাবিদ্যালয়ত গুৰু সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ। তেওঁ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ লগত থকা সম্পৰ্ক অতি মধুৰ কৰি তুলিলে সেই  শিক্ষা সাৰ্থক শিক্ষা হিচাপে পৰিলক্ষিত হব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।