ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ ফেৰী দুৰ্ঘটনাত বুৰ গ’ল যাত্ৰীবাহী ফেৰী

newsnextone.com | উত্তৰ গুৱাহাটীঃ ‘ব্ৰহ্মপুত্ৰ মহাবাহু, বুকুত হেজাৰ স্ৰোত! এই শান্ত এই ৰুদ্ৰ, ঘনাই সলায় মোট।।’ বুঠা লুইতৰ বুকুত আন এক দুখৰ নিদান৷  ৰাজ্যৰ মংগল কামনাৰে ৰাজ্য চৰকাৰে কোটি টকা ব্যয়ৰে ধুম ধামেৰে আয়োজন নমামী ব্ৰহ্মপুত্ৰৰ পিছত পুনৰ এবাৰ  লুইতে বুকুত সামৰি থলে মানুহৰ নিস্পাপ প্ৰাণ৷ 

বুধবাৰে দিনৰ ১-১৫ মান বজাত উত্তৰ গুৱাহাটী মধ্যম খণ্ড ঘাটৰ মাজত চলা যন্ত্ৰচালিত নাও এখন দুৰ্ঘটনাগ্ৰস্ত হৈ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। ঘটনা অনুসৰি, নাওখন গুৱাহাটীৰ দিশৰ পৰা আহি উত্তৰ গুৱাহাটী মধ্যম খণ্ড ঘাট পোৱাৰ ৩ মিনিট মান আগতে নাওৰ যন্ত্ৰটি বিকল হৈ যায়। বিকল হোৱাৰ পিছত নাৱৰ চালক আদিয়ে অন্য কোনোৰ লগত যোগাযোগ কৰিব বিচাৰিছিল যদিও যোগাযোগ কৰাৰ আগতে ঘাটটোৰ ওচৰতে নিৰ্মীয়মান জাইকাৰ প্ৰজেক্টৰ ব্ৰীজত প্ৰচণ্ড জোৰেৰে নাওখন খুন্দা খোৱাত নাওখন দ্বিখণ্ডিত হৈ যায়। 

দ্বিখণ্ডিত হৈ নাওখন বুৰ যোৱাৰ আগতে ১২ গৰাকী যাত্ৰীয়ে তেওলোকৰ বিচক্ষণতাৰ বলত নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়। নাওখনত গুৱাহাটী পাৰঘাটৰ লেচিয়ে দিয়া তথ্য অনুসৰি, ২৪ গৰাকী যাত্ৰীৰ টিকত থকাৰ লগতে ৭ খন বাইক আৰু ২ খন চাইকেল আছিল। 

আনহাতে, দুৰ্ঘটনাগ্ৰস্ত নাওখনত থকা উদ্ধাৰ হোৱা যাত্ৰীৰ ভাষ্য মতে, অভিশপ্ত নাওখনত প্ৰায় ৪০ জন যাত্ৰীয়ে যাত্ৰা কৰিছিল। আজি দুৰ্ঘটনাত পতিত হোৱা নাওখনৰ যাত্ৰী শিলসাকো নিবাসী তথা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰী অংকিতা বৰুৱাৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এনডিআৰএফে। আন এগৰাকী যাত্ৰী বীণা বৰাক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছিল যদিও জিএনআৰচি হস্পিতালত তেওঁ মৃত্যুক সাৱটি ল’বলগীয়া হয়। 

ঘটনা সংঘটিত হোৱাৰ আধা ঘন্টা মানৰ পাছতে কামৰূপ প্ৰশাসনৰ উপায়ুক্ত কমল বৈশ্য, আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তকে ধৰি এডিচি মুনীন্দ্ৰ নাথ ঙাটে, চক্ৰ বিষয়া প্ৰণৱ দত্ত গোস্বামীকে আদি কৰি ভালেকেইগৰাকী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ এনডিআৰএফ, এছডিআৰএফ বাহিনীৰ সৈতে দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ যাত্ৰীসকলৰ উদ্ধাৰ কাৰ্য্যত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰে। আনফালে, দুৰ্ঘটনাগ্ৰস্ত হোৱা নাওখনৰ চালক তথা মালিককো আৰক্ষীয়ে আটক কৰে। 

এছডিআৰএফ আৰু এনডিআৰএফ দুয়োটা বাহিনীৰ লোকে নিখোজ হৈ থকা অন্য যাত্ৰীসকলৰ সম্ভেদ উলিয়াব পৰা নাই যদিও চেষ্টা অব্যাহত ৰাখিছে। দুৰ্ঘটনাগ্ৰস্ত হোৱা অভিশপ্ত যন্ত্ৰচালিত নাওখনত প্ৰকৃততে কিমান যাত্ৰী আছিল সেয়া আগন্তুক সময়তহে উদঘাটন হ’ব বুলি উদ্ধাৰ হোৱা যাত্ৰী একাংশৰ লগতে অঞ্চলটোৰ ৰাইজেও উল্লেখ কৰিছে। 

ইফালে, এই ঘটনাৰ পিছতে উত্তৰ গুৱাহাটী ৰাইজৰ লগতে সচেতন মহলে জল পৰিবহনৰ বৰমুৰীয়া সকলক দোষাৰোপ কৰিছে। জল পৰিবহন বিষয়া সকলে যন্ত্ৰচালিত নাওসমূহৰ পৰীক্ষণ নকৰাকৈ নীতি নিয়ম বহিৰ্ভূত ভাবে ব্ৰহ্মপুত্ৰত চলি থাকিব দিয়াৰ বাবেই আজিৰ এই মৰ্মান্তিক ঘটনা সংঘটিত হ’ল বুলি অঞ্চলবাসী ৰাইজে দুখ প্ৰকাশ কৰে। 

এতিয়াৰ সময়ত ব্ৰহ্মপুত্ৰত বহু কেইখন পুৰণি মেৰামতি কৰিবলগীয়া নাও উত্তৰ গুৱাহাটী-গুৱাহাটী ফেৰীঘাট সমূহত চলাচল কৰি থকাৰ বাবে অনাগত সময়ত আকৌ বিপদ সমাগত হোৱাৰ আশংকা ব্যক্ত কৰি এনেকুৱা পুৰণি নাওৰ বাবেই নাওৰ যন্ত্ৰ বিকল হৈ এই মৰ্মান্তিক ঘটনাটো ঘটিবলৈ পালে বুলি স্থানীয় ৰাইজে দুখ ব্যক্ত কৰিছে। তাৰোপৰি এনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে বুলি তেওঁলোকে আগৰে পৰা অনুমান কৰি থকাৰ কথাও সাংবাদিকক জানিবলৈ দিয়ে। 

ইয়াৰ উপৰিও আগলৈ যেন এনেকুৱা ঘটনা উপৰোক্ত কিছুমান কাৰণৰ বাবে নঘটে তাৰবাবে শুই থকা জল পৰিবহন বিভাগক চকু মেলি এইবোৰৰ ওপৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে অঞ্চলবাসী ৰাইজৰ লগতে সচেতন ব্যক্তিসকলে। 

ইয়াৰ বাদেও বুধবাৰে সংঘটিত হোৱা মৰ্মান্তিক দুৰ্ঘটনাটোত নিখোজ হোৱা ব্যক্তিসকলৰ যিকোনো প্ৰকাৰে সন্ধান উলিয়াবলৈ কামৰূপ প্ৰশাসনৰ লগতে অসম চৰকাৰৰ ওচৰত দাবী জনাইছে উত্তৰ গুৱাহাটী তথা সমগ্ৰ অঞ্চলটোৰ ৰাইজে।