পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

newsnextone.com | গোলকগঞ্জঃ পেট্ৰ’ল-ডিজেলৰ গগণচুম্বী দামে এতিয়া সাধাৰণ নাগৰিকক জ্বলাকলা খুৱাব লাগিছে৷ অচ্চে দিন অনাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰৰ গাদী দখল কৰা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ খনৰ কালত পেট্ৰ’ল-ডিজেলৰ দাম যদি দহ পইচা কমে তেন্তে পুনৰ ২ টকা বাঢ়ে৷ কেন্দ্ৰীয় চৰকাৰৰ এনে মূল্যবৃদ্ধিৰ কৌশলী মনোভাৱৰ বিৰোধিতাৰে আজি ধুবুৰী জিলাৰ তামাৰহাটৰ হাতীধুৰা বজাৰত গোসাইগাঁও সমষ্টি যুৱ কংগ্ৰেছ প্ৰতিবাদ সাব্যস্ত কৰে৷ 

প্ৰতিবাদকাৰীয়ে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰাৰ লগতে মন্ত্ৰী পদৰ পৰা পদত্যাগৰ দাবী জনায় উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ 

প্ৰতিবাদ কাৰ্যসূচীত কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছৰ উপ-সভাপতি মইদুল ইছলাম আৰু গোঁসাইগাঁও সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি ছাদ্দাম হুছেইন প্ৰধানী উপস্থিত থাকে। এই প্ৰতিবাদৰ যোগেদি মিছলিয়া বিজেপিৰ চৰকাৰৰ মূল্য বৃদ্ধি ৰোধৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সকিয়াই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে হুংকাৰ দিয়ে।