দুটা ভাইৰেল ভিডিও ফুটেজক লৈ তীব্ৰ চাঞ্চল্য

newsnextone.com। বিলাসীপাৰাঃ ভিডিও ফুটেজ দুটাক কেন্দ্ৰ কৰি বিলাসীপাৰা থানাৰ চৌহদ শতাধিক পুৰুষ-মহিলাই উতপ্ত কৰি তোলে। প্ৰকৃততে কি এই ভিডিও ফুটেজ ?

ধুবুৰী জিলাৰ বিলাসীপাৰাত ভাইৰেল হৈছে দুটাকৈ ভিডিও। ভাইৰেল ভিডিও এটাত জড়িত অসম আৰক্ষীৰ কনিষ্টবলৰ পত্নী আৰু বিলাসীপাৰাৰ দুটাকৈ সমবায় সমিতিৰ দুজনকৈ সচিব। ভিডিও ফুটেজটোত আৰক্ষীৰ কনিষ্টবল জনৰ পত্নী গৰাকীৰ লগত অসংযত অৱস্থাত সচিব দ্বয় স্পষ্ট হৈ পৰে।

ইয়াকে লৈ কাহিনীৰ সুত্ৰপাত আৰম্ভ হৈছে।  ভিডিও ফুটেজটোক লৈ ব্লেক মেইলিঙত লিপ্ত হয় স্থানীয় নুৰ আলম আৰু নুৰ ইছলাম নামৰ যুৱকদ্বয়ে। ভিডিও ফুটেজটোক লৈ যোগসুত্ৰ কৰে কনিষ্টবল জনৰ পত্নীগৰাকীৰে। সেই অনুসৰি যোৱা ১ ছেপ্টেম্বৰ নিশা ন মান বজাত কনিষ্টবল জনৰ পত্নী গৰাকীয়ে ফোন যোগে তেওঁৰ বাসগৃহলৈ মাতি নিয়ে যুৱক দ্বয়ক।

তাৰ পিছতে বাসগৃহতে আৰম্ভ হয় মৰেল পুলিচিং। মহিলা গৰাকীৰ লগতে তেওঁৰ স্বামী আৰু আন দুজন লোকে মৰেল পুলিচ হৈ জপিয়াই পৰে যুৱক দুজনৰ ওপৰত। মাৰপিটৰ লগতে সম্পূৰ্ণৰূপে উলংগ কৰি যুৱক দ্বয়ৰ ওপৰত চলায় অকথ্য নিৰ্যাতন। লগতে ভীতি প্ৰদৰ্শন কৰি গ্ৰহণ কৰায় শপথ ।

পিছত ৰাইজৰ উপস্থিতিত মোকলাই দিয়ে যুৱক দুজনক। পৰবৰ্তী সময়ত দুয়ো পক্ষই পৃথকে পৃথকে দাখিল কৰে বিলাসীপাৰা থানাত এজাহাৰ। আনহাতে মহিলা গৰাকী অসামাজিক কাৰ্য কলাপত জড়িত বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। তাকে লৈ সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ ।

শুকুৰবাৰে যৌন কাৰ্যত লিপ্ত মহিলা গৰাকীক আইনৰ আওতালৈ আনি গ্ৰেপ্তাৰৰ দাবী তুলিছে ৰাইজে। এনে অসৎ কাৰ্যত লিপ্ত মহিলা গৰাকীক গ্ৰেপ্তাৰৰ দাবীত থানা খনত উপস্থিত হয় শতাধিক প্ৰতিবাদী পুৰুষ-মহিলা।

ইয়াৰ পিছতে থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত ৰাজহুৱা অভিযোগ পত্ৰ দাখিল কৰি যৌন কাৰ্য্যত লিপ্ত মহিলা গৰাকীক গ্ৰেপ্তাৰৰ দাবী কৰে। আৰক্ষী বিষয়া জনে ৰাজহুৱা অভিযোগ পত্ৰ খন গ্ৰহণ কৰি ঘটনাৰ ন্যায় তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি শান্ত হয়।