মানকাচাৰত ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ সজাগতা সভা

বিলাসীপাৰাঃ মানকাচাৰ জিলাত শনিবাৰে ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়।

সজাগতা সভাত ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ অসম ৰাজ্যিক সভাপতি ললিত পেগু, অৰ্থনৈতিক স্বাধীনতা সংগ্ৰাম পৰিষদ তৰণী বসুমাতাৰী আৰু ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ অসম ৰাজ্যিক সদস্য আবুশামা দেৱে উপস্থিত থাকি দেশৰ ৰাজনৈতিক পৰিস্থিতি আৰু ভোটাৰশ্বিপ উপলক্ষে ভাষণ প্ৰদান কৰি সভাত উপস্থিত থকা ৰাইজক সজাগতা অৱলম্বন কৰে।