‘আৰ্থিক আজাদী অবিহনে লোকতন্ত্ৰ মূল্যহীন’ -ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ

newsenextone.com | বিলাসীপাৰাঃ আজি ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেল ধুবুৰী জিলা সমিতি আৰু বিলাসীপাৰা পশ্চিম সমষ্টিৰ যৌথ উদ্যোগত এখনি ভোটাৰচীপৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সভা খনত সভাপতিত্ব কৰে স্থানীয় সামাজিক মূৰব্বী আলহাজ নুৰ মহম্মদে। 

সভাত অসম ৰাজ্যিক সভাপতি মাননীয় ললিত পেগু আৰু অসম ৰাজ্যিক সদস্য আবু চামাৰ লগতে ৰাজ্যিক সদস্য ৰাজেশ নাৰ্জাৰী, কোকৰাঝাৰ জিলাৰ সক্ৰিয় সদস্য চুমাই মুৰ্ম্মূ, ধুবুৰী জিলাৰ সভাপতি আজিবৰ শিকদাৰ, জিলা সম্পাদক বছিৰুদ্দিন মোল্লা, সদস্য শাহজাহান আলী, আনোৱাৰ হুছেইন, মমিয়েছ খাতুন আৰু বিলাসীপাৰা পূৱ সমষ্টিৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।