শিৱসাগৰত টায়াৰ জ্বলাই প্রতিবাদ, আটক বন্ধ সমর্থনকাৰী কংগ্ৰেছ কৰ্মী

newsnextone.com | শিৱসাগৰঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্র দেশতে আজি বন্ধ ঘোষণা কৰাৰ পিছত তীব্র প্রতিবাদ সাব্যস্ত কৰিছে কংগ্রেছ কৰ্মী সকলে৷ ইফালে, শিৱসাগৰত ৰাজপথত টায়াৰ জ্বলাই বিক্ষোভ প্রদর্শন কৰিবলৈ আহি আটক হ'ল দলে বলে কংগ্ৰেছৰ কৰ্মী৷

ক্রমাৎ মূল্য বৃদ্ধি পোৱা ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিৰোধী দল কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধ কাৰ্যসূচী ফলৱৰ্তী কৰিবৰ বাবে দলেবলে উলাই আহিছিল শিৱসাগৰৰ কংগ্ৰেছ কৰ্মীসকল৷

শিৱসাগৰ ৰাজ্যিক বাছ আস্থানৰ সমীপত এটি ৰোডত টায়াৰ জ্বলাই বিক্ষোভ প্রদর্শন কৰিবলৈ চেষ্টা কৰা শিৱসাগৰ একাংশ কংগ্ৰেছ কৰ্মীক উক্ত স্থানত কর্তব্যৰত নগৰ পৰিদর্শক উত্তম টামাঙৰ নেতৃত্বত অহা আৰক্ষীৰ দলে আটক কৰে৷

আনহাতে, সর্বসাধাৰণ ৰাইজৰ ভাষ্য অনুসৰি, বন্ধৰ আহ্বান হে কৰিব পাৰিব যি কোনো দলে৷ কিন্তু, বাধ্য কৰিব নোৱাৰে পালন কৰিবলৈ৷ লগতে বহুতৰ মতে বন্ধ পালনে ৰোধ কৰিব নোৱাৰে মূল্যবৃদ্ধি৷ প্রতিবাদ কৰাতকৈ আলোচনাৰ মাধ্যমেৰে সকলো সমস্যা সমাধান কৰিব লাগে বুলিও বহুতে মত পোষণ কৰে৷