২ অক্টোৱৰত সদৌ অসম বেচৰকাৰী পৰিবহন ব্যৱসায়ীৰ প্ৰতিবাদৰ হুংকাৰ

newsnextone.com | তেজপুৰঃ: দৈনিক হাৰত পেট্ৰ’লজাত সামগ্ৰীৰ অত্যাধিক মুল্যবৃদ্ধিয়ে সকলো ব্যৱসায়ীক কোঙা কৰি পেলাইছে। শুকুৰবাৰে তেজপুৰৰ কেতেকিবাৰী সদৌ অসম বেচৰকাৰী পৰিবহন ব্যৱসায়ী সকলৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সভাত সদৌ অসম বেচৰকাৰী পৰিবহন ব্যৱসায়ী সকলে অসম চৰকাৰৰ পৰিবহন মন্ত্ৰীক বাছৰ ভাড়া বৃদ্ধিৰ বাবে দাবী তুলি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰক  ৩০ চেপ্তম্বৰৰ সময় সীমা বান্ধি দিয়ে। 

৩০ চেপ্তম্বৰৰ ভিতৰত যদি চৰকাৰে বাছৰ ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ২ অক্টোবৰত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। সদৌ অসম বেচৰকাৰী পৰিবহন ব্যৱসায়ী সকলৰ কাৰ্য্যকৰি সভাপতি ভৱদেৱ গোস্বামীয়ে লগতে কয় যে, ২ অক্টোৱৰত মহামানৱ মহাত্ম গান্ধী জন্মদিনটোত বাছ মালিক সকলে সমগ্ৰ ৰাজ্যজুৰি জিলা উপাযুক্তক বাছৰ ছাৱি সমুহ চমজাই দি প্ৰতিবাদ সাৱস্ত্য কৰিব।