কুঁহিৰ বাবে লিখনি আহ্বান

newsnextone.com | পশ্চিম নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ উপ সমিতি কুঁহিৰ উদ্যোগত অহা ১৪ নবেম্বৰত কুঁহি অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷ উক্ত অনুষ্ঠানটোৰ লগত সংগতি ৰাখি কুঁহি নামেৰে এখন শিশু আৰু কিশোৰৰ অালোচনী প্ৰকাশৰ যোযা চলোৱা হৈছে৷ 

ইচ্চুক ছাত্ৰ-ছাত্ৰী, অভিভবক-অভিভাবিকাৰ লগতে সৰ্বস্তৰৰ লোকৰ পৰা শিশু উপযোগী গল্প, প্ৰবন্ধৰ লগতে ভিন্ন লিখনি বিচৰা হৈছে বুলি কুঁহিৰ আহ্বায়ক বৰ্ণালী শৰ্মা গৌড়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিব দিয়ে৷