দ্ৰাইগনৰ দেশত নিৰ্ব্বাচন প্ৰক্ৰিয়া আৰম্ভ, স্তব্ধ জন-জীৱন

newsnextone.com| তামুলপুৰঃ অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত আজি নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ। নিৰ্বাচনৰ বাবে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ চানৰূপঝংখাৰ 2নং গেৰেজ লাইটত কালি সন্ধিয়াৰে পৰা দোকান পোহাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। নিৰ্বাচনৰ বাবে ভাৰত-ভূটান সীমান্ত থকা মূল দুৱাৰ বন্ধ হোৱাৰ বাবে এই অঞ্চলৰ স্থানীয় ব্যৱসায় সকলৰ লাখ লাখ টকাৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বিষয়ে প্ৰকাশ পাইছে৷ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটক সকলে মূল দুৱাৰ বন্ধ হোৱা বাবে ভূটান ৰাষ্ট্ৰৰ পৰা  ঘৰমুৱা হোৱা দিশে পৰিলক্ষিত হয়। শেহতীয়াভাৱে কাইলৈ দিনৰ ভাগতহে মূল দুৱাৰ খুলিব বুলি জানিব পৰা গৈছে৷