কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কেইবাগৰাকীক অজনজাতীয় এমএচিৰ বিৰুদ্ধে গোচৰৰ পৰৱৰ্তী শুনানীৰ ৬ অক্টোবৰত

newsnextone.com| ডিফুঃ দ্বাদশ কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচিত তিনি জনপ্ৰতিনিধি তথা এমএচিৰ বিৰুদ্ধে তৰা গোচৰৰ পৰৱৰ্তী শুনানীৰ দিন অহা ৬ অক্টোবৰ নিৰ্ধাৰণ কৰিছে  ডিফুৰ ন্যায়িক আদালতে৷ বোকাজান পৰিষদীয় সমষ্টিৰ মাধুৰ্য ঢেকিয়াল ফুকন, দেওপানী সমষ্টিৰ মুকুট মহন্ত আৰু কপিলী সমষ্টিৰ পৰা পৱন কুমাৰৰ বিৰুদ্ধে ষষ্ঠ অনুসূচীত এলেকাধীন কাৰবি স্বায়ত্ত শাসিত পৰিষদত এমএচি ত্ৰয়ৰ নিৰ্বাচিত সদস্য পদ অবৈধ বুলি অভিযোগ আনি ডিফু ন্যায়িক আদালতত ক্ৰমে, প্ৰাঞ্জল ক্ৰ, চন্দ্ৰ টেৰণ আৰু কেনচিং ইংতিয়ে গোচৰ ৰুজো কৰিছিল৷

১৫ চেপ্তেম্বৰত গোচৰটোৰ তৃতীয় শুনানী আছিল৷ শুনানীৰ কালত এমএচি তিনি গৰাকীৰহৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মনিষ চৌধুৰীয়ে নথি -পত্ৰ দাখিল কৰে ৷ গোচৰীয়া পক্ষৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মানস শৰণীয়াই ডিফু ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত থাকে৷ আনহাতে গোচৰীয়া পক্ষই গোচৰটোত নিৰ্বাচন আয়োগকো সাঙুৰি লোৱাত নিৰ্বাচন আয়োগে আদালতৰ পৰা অধিক সময় বিচৰাত আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানীৰ তাৰিখ ৬ অক্টোবৰত নিৰ্ধাৰণ কৰে৷

ন্যায়ালয়ৰ পৰৱৰ্তী শুনানীৰ কথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মনিষ চৌধুৰীয়ে সাংবাদিকক জানিবলৈ দিছে৷ উল্লেখযোগ্য যে, ১৯৫২ চনত মিকিৰ হিলচ জিলা গঠন হোৱাৰ পিছৰ পৰা বোকাজান, দেওপানী আৰু কপিলী সমষ্টিৰ পৰা কেইবাগৰাকী অ-জনজাতীয় সদস্য পৰিষদীয় নিৰ্বাচনত জনপ্ৰতিনিধি নিৰ্বাচিত হৈ আহিছিল৷