গোৰেশ্বৰত চোৰৰ দৌৰাত্ম্য, ব্যৱসায়ীৰ নিদ্ৰা হৰণ

গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত সোনজুৰি চ'কত বিগত কিছুদিন ধৰি বৃদ্ধি পাইছে চোৰৰ দৌৰাত্ম্য। চ'কটোত অৱস্থিত কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত যোৱা সপ্তাহত চোৰে কম বেছি পৰিমাণৰ নগদ ধন আৰু সামগ্ৰী চুৰি কৰি নিয়াৰ তথ্য পোহৰলৈ আহিছে।

চ'কটোত থকা ললিত ডেকাৰ ৰাইচ  মিল,  আজাদ আলীৰ পান তামোলৰ  দোকান,  দ্বীপেন ডেকাৰ তৃপ্তি কেবিনত যোৱা দুটা সপ্তাহৰ ভিতৰত চুৰি কাৰ্য সংঘটিত হৈ যায়। চ'কটোত গোৰেশ্বৰৰ চিআৰপিএফ কেম্পটোও অৱস্থিত হোৱাৰ পিছতো এনেদৰে সঘনাই চুৰি হৈ থকা কাৰ্য ব্যাৱসায়ীসকলৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।

গোৰেশ্বৰ বাছ আস্থানৰ সমীপৰ  কমলেশ্বৰ দাসৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো বিগত সপ্তাহত চুৰি কার্য সংঘটিত হয়। আনহাতে সোনজুৰি চ'কৰ ধনজিৎ দাসৰ ষ্টেচনাৰী দোকানতো যোৱা নিশা চোৰে তলা ভাঙি চুৰি কৰাৰ চেষ্টা চলায়। আজি প্ৰতিষ্ঠানখনিৰ স্বতাধিকাৰীয়ে দোকানৰ পিছপিনৰ দৰ্জাৰ তলা ভাঙিবলৈ চেষ্টা কৰা সম্পৰ্কে অৱগত হয়। হাতুৰী জাতীয় যতনেৰে তলাৰ ক্ষতিসাধন আজি দৃষ্টিগোচৰ হয় দোকানখনৰ স্বত্বাধিকাৰীৰ।

ধাৰাবাহিকভাৱে চোৰে ব্যৱসায়িক চহৰখনৰ প্ৰতিষ্ঠানসমূহত এনেদৰে চুৰি কার্য সংঘটিত কৰাৰ পিছত আৰক্ষীয়ে তদন্ত চলাই আছে যদিও আজিলৈ এজনো চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। চোৰৰ এনে দৌৰাত্ম্যত এতিয়া নিদ্ৰাহৰণ হৈছে গোৰেশ্বৰৰ প্ৰতিজন ব্যাৱসায়ীৰ।