মূল্যবৃদ্ধি আৰু কেৰাচিন তেলৰ যোগান বন্ধৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছ আৰু সেৱাদলৰ যৌথ প্ৰতিবাদ

newsnextone.comডিফুঃ মূল্যবৃদ্ধি আৰু কেৰাচিন তেলৰ যোগান বন্ধৰ বিৰুদ্ধে  সদৌ ভাৰত আৰু প্ৰদেশ কংগ্ৰেছ মহিলা সমিতি আৰু সেৱাদলৰ নিৰ্দেশ অনুসৰি কাৰ্বি আংলং মহিলা কংগ্ৰেছ আৰু সেৱাদলৰ যুটীয়া উদ্যোগত জিলাৰ সদৰ ডিফুৰ ৰংফাৰপী ৰংবে'ত প্ৰতিবাদ সাব্যস্ত কৰে।

ৰন্ধন গেছৰ অত্যাধিক মূল্যবৃদ্ধি আৰু কেৰাচিন তেলৰ যোগান বন্ধৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিফু চহৰৰ ৰংফাৰপী ৰংবে'ত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদকাৰী সকলে ৰন্ধন গেছৰ চিলিণ্ডাৰক মাল্যাৰ্পণেৰ শ্ৰদ্ধাঞ্জলী দি পানীৰে ৰন্ধনৰ অভিনৱ প্ৰতিবাদ কৰা দেখা যায়।

প্ৰতিবাদকাৰী সকলে হাতে কংগ্ৰেছ আৰু সেৱা দলৰ পতাকা লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়ে৷ কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কাছাং তেৰাঙপীয়ে সাংবাদিকৰ আগত কয় যে, কংগ্ৰেছে নিজৰ স্বাৰ্থৰ বাবে ধৰ্ণা বা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ নকৰে কংগ্ৰেছে সদায় দৰিদ্ৰ জনসাধাৰণৰ পক্ষত কংগ্ৰেছে থিয় দি আহিছে৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে নানা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টোপনি ভঙা নাই। দৰিদ্ৰৰ সুখ-দুখৰ খবৰ জলবলৈ আহৰি নাই প্ৰধানমন্ত্ৰীৰ৷ নৰেন্দ্ৰ মোদী জাগ্ৰত নোহোৱা লৈকে কংগ্ৰেছে এনেধৰণৰ গণতান্ত্ৰিক আন্দোলন অধিক বলিষ্ঠ ভাবে চলাই নিব বুলি উল্লেখ কৰে।

লগতে জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তন এতিয়া সমগ্ৰ দেশৰ লগতে কাৰ্বি আংলং জিলাত এতিয়া খালী বৰ্তনলৈ পৰিণত হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।