কামপুৰ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী তদন্তকাৰী শাখাৰ বিশেষ অভিযান

newsnextone.com। নগাঁওঃ নগাঁও জিলাৰ কামপুৰৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান কামপুৰ মহাবিদ্যালয় খনত বৰ্তমান গ্ৰাস কৰিছে ব্যাপত দুৰ্নীতিয়ে ৷ বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে ব্লে'ক লিষ্টটেত কৰা মহাবিদ্যালয় খনৰ আন্তঃগাঠনিকে ধৰি বিভিন্ন উন্নয়ন মূলক কামত ব্যাপক দুৰ্নীতিৰ সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ যাৰ বাবে স্থানীয় সচেতন লোকে দিয়া লিখিত আবেদনৰ ভিত্তিত বুধবাৰে মহাবিদ্যালয় খনত অভিযান চলায় মুখ্যমন্ত্ৰী তদন্তকাৰী শাখা আৰু গড়কাপ্তানী বিভাগে৷

আই চি ইউত অক্সিজেন লৈ জীয়াই থকাৰ দৰে চলি আছে বৰ্তমান কামপুৰ মহাবিদ্যালয়৷ যি কোনো সময়ত বন্ধ হব পাৰে কামপুৰ মহাবিদ্যালয় ! ইউজিচি-য়ে ব্লে'ক লিষ্টটেত কৰি ৰখিছে মহাবিদ্যালয় খনক৷ এই মন্তব্য মহাবিদ্যালয় খনৰ বৰ্তমান অধ্যক্ষ ড০ হৰে কৃষ্ণ দেৱশৰ্মাৰ৷

জানিব পৰা মতে, মহাবিদ্যালয় খনত বিগত সময়ছোৱাত অধ্যক্ষ হিচাপে থকা হীৰেন্দ্ৰ নাথ শৰ্মাই পৰিচালনা সমিতিৰ লগত মিলি বিভিন্ন শিতানৰ উন্নয়ন মূলক কামৰ সিংহ ভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি স্থানীয় সচেতন লোকে এখন সভা অনুষ্ঠিত কৰি দিয়া লিখিত আবেদনৰ ভিত্তিত বুধবাৰে মহাবিদ্যালয় খনত অভিযান চলায় মুখ্যমন্ত্ৰী তদন্তকাৰী শাখা আৰু গড়কাপ্তানী বিভাগে৷

১ কোটি ১০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মান কৰা বিল্ডিঙটোৰ নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মান কৰি ধন আত্মসাৎ কৰাৰ লগতে, পুথিভঁৰালৰ কিতাপ কিনাৰ নামটো ভুৱা বিল দেখুৱাই ধন সৰকাই নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ বাবে বিল্ডিঙটোৰ পকী বেৰত মেলিছে বৃহৎ বৃহৎ ফাট৷

আনকি খোৱা পানীৰো সমস্যাৰ লগতে অন্যান্য বিভিন্ন সনস্যাই দেখা দিছে মহাবিদ্যালয় খনত৷ স্থানীয় সচেতন লোকৰ লগতে মহাবিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে মুখ্যমন্ত্ৰী তদন্তকাৰী শাখাক উচিত তদন্ত কৰি দোষীক শাস্তি দিবলৈ দাবী জনাইছে৷