
newsnextone.com। মঙ্গলদৈঃ পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ যি দায়িত্ব সেয়া কৰ্মক্ষম হৈ অনেকে পাহৰি যায় সেই দায়িত্ববোধ। সমাজত পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰে ভৰা এখন সুন্দৰ ঘৰ থকাৰ স্বত্বেও বৃদ্ধ বয়সত সকলোৰে পৰা অৱহেলিত হৈ ৰয় জন্মদাত্ৰী পিতৃ-মাতৃ।
অনাদৰিত বৃদ্ধ-বৃদ্ধা পিতৃ-মাতৃ সহায় কৰাৰ উদ্দেশ্যৰে আগবাঢ়ি আহিছে দৰং জিলাৰ এটি বেচৰকাৰী সংস্থাই। দৰং জিলাৰ ছিপাঝাৰৰ গভৰা গাঁৱত অনাদৰিত হোৱা বৃদ্ধ-বৃদ্ধাৰ বাবে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে ‘তুলসী নাথ বৰা’ বৃদ্ধাশ্ৰমে। থ্ৰী মাদাৰ্চ এনজিঅ’ৰ তত্বাৱধানত চলিব লগীয়া এই বৃদ্ধাশ্ৰম খন মুকলী কৰে দুনী মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ চন্দ্ৰ চহৰীয়াই।
উল্লেখযোগ্য যে, কোনো চৰকাৰী সা-সুবিধা নোপোৱাকৈ বৃদ্ধাশ্ৰম খনৰ বাবে গভৰা গাঁৱৰে সন্তান হেৰম্ব বৰাই নিজ ঘৰখনৰ লগতে বাৰ বিঘা মাটি অনুষ্ঠানটি বাবে দান কৰে। বিশিষ্ট অভিনেতা নয়ণ নিৰ্বাণে আঁত ধৰা মুকলি সভাত বিশেষ ভাৱে অসম সাহিত্য সভাৰ মুখপাত্ৰ চহিৰ ভূঞাৰ লগতে জিলা খনৰ বহু গণ্যমাণ্য লোক উপস্থিত থাকে।