
newsnextone.com। মৰিয়নীঃ অটল অমৃত যোজনা,আয়ুসমান ভাৰত আদি যোজনা যিমানেই বিজেপি চৰকাৰে যি আচনি ঘোষণা নকৰক কিয়, সিমানেই গ্ৰাম্য লোকৰ বিলৈহে বাঢ়ি আহিছে। যোৰহাট জিলাৰ মৰিয়নীৰ বিজয়পুৰৰ এজন মিচিং লোকৰ চিকিৎসাৰ বাবে একো উপায় নেদেখি বেমাৰীৰ আৰোগ্য কামনাৰে চাঙৰ ওপৰতে উপায়ন্তৰ হৈ পৰিয়ালৰ লোক আৰু গাওঁবাসীয়ে মিল পাতিবলগা হৈছে পূজা।
অসহায় হৈ পৰিয়ালটোৱে ৰাইজৰ পৰা বিচাৰিছে অকণমান আৰ্থিক সাহায্য। মৰিয়নীৰ নগধূলি বিজয়পুৰ গাঁৱৰ নৃত্যনন্দ মিলি পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি। দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকজনক লৈ সৰু সৰু দুজনী ছোৱালী সৈতে অসহায় হৈ পৰিছে তেওঁৰ পত্নী। কাতৰ ভাৱে মাত্ৰ চিকিৎসাৰ বাবে অসমবাসী ৰাইজৰ ওচৰত ভীক্ষা কৰিছে পত্নীয়ে। মাথো প্ৰয়োজন আপোনাৰ সানান্য সহায়ৰ।
বৰ্তমান চৰকাৰে নীতি-নিয়মৰ ৰঙা ফিটাৰ মেৰপাক বুজিব নোৱাৰা এই পৰিয়ালটিক সদাশয় হৃদয় বান লোকে সহায় আগবঢ়ালে পৰিয়ালটিয়ে সামান্য পৰিমাণে হলেও সকাহ পাব। যদি কোনো সদাশয় লোকে সহায় আগবঢ়াব খোজে তেন্তে ভাৰতীয় ষ্টেট বেংকৰ ৩৪১৮২০৫৪৬৮১ (IFSC code: SBIN0007427, DHODAR ALI, MARIANI BRANCH ) নম্বৰ আৰু ৯১২৭৫-৯০০৯৮ ফোন নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ কৰিছে পৰিয়ালটিৰ লগতে গাঁওবাসীয়ে।