বিদেশীৰ অজুহাতত তেজপুৰ ডিটেনশ্বন কেম্পত মৃত্যু হোৱা স্বদেশী জব্বৰ আলিৰ মৃত্যুৰ প্ৰতিবাদ
ঢেকীয়াজুলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ

newsnextoneঢেকিয়াজুলি ৬অক্টোবৰঃ বিগত তিনি বছৰে তেজপুৰ ডিটেনশ্বন কেম্পত বন্দী হৈ থকা ওদালগুৰি জিলাৰ জব্বৰ আলিৰ ডিটেনশ্বন কেম্পত হোৱা মৃত্যুৰ প্ৰতিবাদত আজি ঢেকীয়াজুলি চহৰৰ মাজমজিয়াত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে শোণিতপুৰ জিলা মুছলিম ছাত্ৰ সন্থাই।
শ শ সদস্যৰ উপস্থিতিত মুছলিম ছাত্ৰ সন্থাৰ কৰ্মীসকলে বিভিন্ন শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰে।প্ৰতিবাদ কাৰীসকলে সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, সীমান্ত আৰক্ষী বিভাগ সূচীয়াৰ,ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰাশাস্তি বন্ধ কৰা ইত্যাদি শ্লোগান দিয়ে।
প্ৰতিবাদস্থলীত উপস্থিতি থাকি সংগঠনটোৰ শিক্ষা সম্পাদক চামচুল হকে কয় যে ৰৌতাৰ ধানশ্ৰীখুটিৰ মৃত জব্বৰ আলি ভাৰতীয় নে বাংলাদেশী তাক চৰকাৰে স্পষ্ট কৰিব লাগে। জব্বৰ আলিৰ মৃত্যু ৰহস্যজনক বুলি আমাৰ সন্দেহ। যদি সঁচাকৈ এজমা বেমাৰত আক্ৰান্ত হৈ মৃত্যু হৈছিল তেতিয়াহলে বেমাৰ হোৱা অৱস্থাত পৰিয়ালৰ লোকক কিয় জনোৱা নহল। কিয় পৰিয়ালৰ লোকক এই সমগ্র ঘটনাৰ গাপ দিয়া হল। মৃতকৰ পৰিয়ালে কেচ খেলি খেলি বৰ্তমান আৰ্থিক অৱস্থা অতি বেয়া সেয়েহে পৰিয়ালৰ লোকক কমেও 10 লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব লাগে আৰু উক্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে যদি ইয়াতে কোনোবা দোষী জড়িত আছে কঠোৰতম শাস্তি দিব লাগে।
যদি সচাকৈয়ে বাংলাদেশী আছিল তেন্তে ওদালগুৰি জিলাৰ পৰিয়ালক কিয় মৃতদেহ চমজাই দিছিল প্ৰশাসনে,বাংলাদেশক দিব লাগিছিল।এইক্ষেত্ৰত সম্পূৰ্ণ সাম্প্ৰদায়িক দৃষ্টভংগীৰে সীমান্ত আৰক্ষী বিভাগে কাম কৰিছে আৰু মানৱ অধিকাৰ আইন উলংঘা কৰিছে।
জব্বৰ আলিৰ মৃতদেহ জানাজাহ দিবলৈ যে ৰৌতাৰ পৰিয়ালক চমজাই দিব লাগে সেইক্ষেত্ৰত সন্মানীয় আদালতৰ নিৰ্দেশ ৰাজহুৱা কৰিব লাগে।ডিটেনশ্বন কেম্পত আৱদ্ধ কৰি ৰখা সকলো ভাৰতীয়ক অতিশীঘ্ৰে বিনাচৰ্তে মুকলি কৰি দিয়ক আৰু যিসকল প্ৰকৃত বাংলাদেশী তেওঁলোকক বাংলাদেশক হস্তান্তৰ কৰক।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে মুছলিম ছাত্ৰ সন্থাৰ উপ সভাপতি আব্দুল ৰহমান, জিলা সভাপতি আলি হাইদৰ খান, সাধাৰণ সম্পাদক নুৰ ইছলাম, ঢেকীয়াজুলি নগৰ সমিতিৰ সভাপতি ৰাজিকুল ইছলামকে আদি কৰি সংগঠনৰ বহু কৰ্মকর্তা উপস্থিত থাকে।